যোগীঘোপাত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

যোগীঘোপাত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নিকটৱৰ্তী বালাপাৰাৰ হৰিণশূদ্ৰ বিলত পানীত ওপঙি থকা অৱস্থাত এজনী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰাপ্ত বাতৰি মতে, আজি দিনৰ ৩মান বজাত স্থানীয় ৰাইজে বিলৰ পানীত মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰে । লগে লগে এই সম্পৰ্কে ৰাইজে যোগীঘোপা থানাত অৱগত কৰাত আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনে ।

ৰঙা ৰঙৰ চুৰিদাৰ পৰিহিত ১২/১৩ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহটো অদ্যাপি চিনাক্ত হোৱা নাই । আন কোনো স্থানৰ পৰা মৃতদেহটো পানীৰ সোঁতত উটি অহা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।

কিশোৰীগৰাকীৰ মৃত্যুৰ কাৰণ আত্মহত্যা, হত্যা নে দুৰ্ঘটনা সেয়া জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তইহে প্ৰকৃত সত্য পোহৰলৈ আনিব বুলি ৰাইজে মত পোষণ কৰিছে ।
 

Your Comments