বিধ্বস্ত পথত ক্ষোভিত মহিলাৰ ৰাজপথ অৱৰোধ

বিধ্বস্ত পথত ক্ষোভিত মহিলাৰ ৰাজপথ অৱৰোধ

নগাঁৱৰ শেতালীত বৃহস্পতিবাৰে নিশা কেইবা শতাধিক মহিলাই ৰাজপথ অৱৰোধ কৰে । গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস মুৰ্দাবাদ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে মহিলাসকলে ।

উল্লেখ্য যে ৰহা সমষ্টিৰ অন্তৰ্গত ডিমৌ-ৰাইডংগীয়া সংযোগী গড়কাপ্তানি পথৰ ডিমৌৰ পৰা শেতালী চাৰিআলিলৈকে পথছোৱাৰ শোচনীয় অৱস্থাৰ বাবে ক্ষোভিত হৈ আছে মহিলা তথা স্থানীয় ৰাইজ ।

দীৰ্ঘদিন ধৰি বিধ্বস্ত পথছোৱাই যমৰ যন্ত্ৰণা ভোগাই আহিছে পথচাৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজক । পথটোত সৃষ্টি হোৱা পুখুৰীসদৃশ গাঁতৰ ফলত নিতৌ সংঘটিত হৈ আহিছে সৰু-বৰ পথ দুৰ্ঘটনাও ।

সমষ্টিটোৰ বিধায়ক ডিম্বেশ্বৰ দাসেও ৰাইজৰ আবেদন-নিবেদনক গুৰুত্ব প্ৰদান নকৰাক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাইজ । যাৰ পৰিপ্ৰেক্ষিতত অৱশেষত এনেদৰে পথ অৱৰোধ কৰি প্ৰতিবাদমুখৰ হৈ পৰিল শ শ মহিলা তথা স্থানীয় ৰাইজ ।

কেইবাঘণ্টা ধৰি পথ অৱৰোধৰ ফলত ৰাজপথতে আবদ্ধ হৈ পৰে সৰু-বৰ শতাধিক বাহন । পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত ৰহা প্ৰশাসন, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।
 

Your Comments