প্ৰশংসনীয় খেলুৱৈসূলভ মনোভাৱ:আঘাতপ্রাপ্ত ৱেষ্ট ইণ্ডিজৰ খেলুৱৈক কান্ধত উঠাই খেলপথাৰৰ বাহিৰলৈ নিলে নিউজীলেণ্ডৰ ক্ৰিকেট খেলুৱৈয়ে

Pic

দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হৈ থকা ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটত নিউজীলেণ্ডৰ ক্ৰিকেট খেলুৱৈয়ে প্ৰশংসনীয় খেলুৱৈসূলভ মনোভাৱৰ।বুধবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৱেষ্ট ইণ্ডিজৰ বেটছমেন কিৰ্ক মেকেন্জী ভৰিত আঘাতপ্রাপ্ত হোৱাৰ পিছত নিউজীলেণ্ডৰ খেলুৱৈ জয় ফিল্ড আৰু জেছী নছফকে কান্ধত উঠাই মেকেন্জীক খেলপথাৰৰ বাহিৰলৈ লৈ যায়।নিউজীলেণ্ডৰ খেলুৱৈ দুজনৰ এই খেলুৱৈসূলভ আচৰণে এতিয়া প্ৰশংসা আদায় কৰিছে ক্ৰিকেট বিশ্বৰ।ভাৰতীয় বেটছমেন ৰোহিত শৰ্মাই খেলুৱৈ দুজনৰ শলাগ লৈছে।উল্লেখযোগ্য যে খেলখনত নিউজীলেণ্ড জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰে।

Your Comments