ঐতিহাসিক জোনবিল মেলাত কুটিল ৰাজনীতি চলাৰ অভিযোগ

Pic

মৰিগাঁৱৰ পৰা  জিতুমণি নাথ: 

ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা উৎসৱমুখৰ পৰিবৱেশত অনুষ্ঠিত হৈ শনিবাৰে সামৰণি পৰে। প্ৰাচীন গোভা ৰাজ্যৰ ঐতিহ্য আৰু পৰম্পৰাৰে সমৃদ্ধ ইতিহাস প্ৰসিদ্ধ ঐক্য সম্প্ৰীতিৰ প্ৰতীক জোনবিল মেলাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।জাতি-জনগোষ্ঠীৰ বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কাম কৰি অহা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি সাম্প্ৰতিক সময়ত সকলোকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়।লগতে তেঁও তিৱা ৰজাসকলৰ মাজত ৰাজভাত্তা প্ৰদান কৰে। জোনবিল মেলাত ৰাজনৈতিক দলৰ মন্ত্ৰী-বিধায়কৰ অংশগ্ৰহণৰ ক্ষেত্রত একাংশ লোকে বিৰোধিতা কৰি আছিল যদিও এই সকলোবোৰ বাধা অতিক্ৰম কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা,বিধায়ক ৰমাকান্ত দেউৰীয়ে অংশগ্ৰহণ কৰে। ইফালে,ঐতিহাসিক জোনবিল মেলাত  কুটিল ৰাজনীতি আৰম্ভ হোৱা বুলি তিৱা জাতীয় দল-সংগঠনৰ লগতে বিভিন্ন মহলে মতপোষণ কৰিছে। বিশেষকৈ তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা আৰু অধ্যক্ষ মদন চন্দ্ৰ বৰদলৈক জোনবিল মেলা কাৰ্যসূচীত স্থান নিদিয়াক লৈ তিৱা জনগোষ্ঠীয় লোকসকলৰ মাজতেই উঠিছে এই অভিযোগ।তদুপৰি,জোনবিল মেলাৰ মূল উদ্যোক্তা তথা সম্পাদক জুৰসিং বৰদলৈৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে তিৱা জাতীয় সংগঠনৰ কেইবাজনো নেতাই। নাম প্ৰকাশক অনিচ্ছুক তিৱা জাতীয় নেতাকেইজনে অভিযোগ কৰি কয় যে সদায় শাসক পক্ষৰ লগত সহযোগ কৰি অহা জুৰসিং বৰদলৈয়ে সদায় নিজৰ স্বাৰ্থ অনুসৰি জোনবিল মেলাখন পৰিচালনা কৰি আহিছে।তিৱা জাতীয় কৃষ্টি-সংস্কৃতিক উজলাবলৈ প্ৰয়াস নকৰি ব্যৱসায়িক দৃষ্টিভংগীৰে জোনবিল মেলা পৰিচালিত কৰি আহিছে। এইবাৰো তেনে নীতিৰেই মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীক সংগী কৰি তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তা আৰু অধ্যক্ষ মদন চন্দ্ৰ বৰদলৈক জোনবিল মেলাৰ মূল কাৰ্যসূচীৰ পৰা কৌশলেৰে আঁঁতৰাই। কিয়নো,মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু তিৱা স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ সংঘাত দীৰ্ঘদিনীয়া। এই সংঘাতৰ বাবেই তিৱা জনগোষ্ঠীয় মূল নেতাকেইজনক তিৱা জনগোষ্ঠীয় মূল উৎসৱৰ কাৰ্যসূচী পৰা আঁঁতৰাই ৰাখিলে।যিটোৱে তিৱা জাতিটোক যথেষ্ট ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছে। কিয়নো ব্যক্তিগত সংঘাতক জাতীয় সংঘাতলৈ ৰূপান্তৰ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু নিন্দনীয় বুলিও তেওঁলোকে মন্তব্য কৰে।

Your Comments