চেঙাত ভয়ঙ্কৰ অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

চেঙাত ভয়ঙ্কৰ অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰ তথা তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰৰ বজাৰত আজি দিনত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰে স্থানীয় লোকে ।

অগ্নিকাণ্ডত সাতখনকৈ দোকান ভস্মীভূত হোৱাৰ লগতে প্ৰায় ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডত পঞ্চাশ ঊৰ্ধ্বৰ এগৰাকী লোক গুৰুতৰভাবে আহত হয় । আহত নজৰ আলীক ততালিকে জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় ।

চেঙাত ভয়ঙ্কৰ অগ্নিকাণ্ডত ২০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

দিনৰ প্ৰায় দুই বজাত নজৰ আলীৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত হয় আৰু মুহূৰ্ততে জুইৰ লেলিহান শিখাই কেইবাখনো দোকান আগুৰি ধৰে । ভয়ঙ্কৰ জুইত নজৰ আলীৰ গেলামালৰ দোকানৰ লগতে ছহিদুল ইছলাম, মুক্তাৰ আলী, তাহেৰ আলী, চৰবেশ আলী, জয়নাল আবেদিন আৰু আজহাৰ আলীৰ দোকানকেইখন জাহ যায় ।

স্থানীয় ৰাইজে জুই নিৰ্বাপিত কৰিবলৈ অশেষ কষ্ট কৰে । ঘটনাৰ খবৰ পাই তাৰাবাৰী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰে ।

Your Comments