লজ্জিত অসম:হেয়াৰ ড্ৰায়াৰ,ইস্ত্রি ব্যৱহাৰ কৰি খেলপথাৰ  শুকুৱাৰ চেষ্টা অসম ক্ৰিকেট সন্থাৰ

Pic

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ সপোনৰ ক্ৰীড়া ৰাজধানীৰ ফোঁপোলা স্বৰূপে দেখি লজ্জিত ভাৰতবাসী।অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বহীনতা আৰু কাণ্ডজ্ঞানহীনতাৰ বাবে বিশ্ববাসীৰ ওচৰ লজ্জিত অসম।

দেওবাৰে গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত-শ্ৰীলংকাৰ মাজত  এখন 'টী-২০' আন্তৰ্জাতিক ক্ৰিকেট খেল।কটকটীয়া নিৰাপত্তাৰ মাজেৰে অসম ক্ৰিকেট সন্থাই আয়োজন কৰিছিল খেলখন।এইখিনিলৈ সকলো ঠিকেই আছিল।কিন্তু খেল আৰম্ভ হোৱাৰ পূৰ্বে আহিল বৰষুণ।বৰষুণৰ পানীৰে খেলপথাৰ ভৰি পৰাৰ লগতে   বলিং আৰু বেটিংৰ মূল ক্ৰীজ সেমেকি উঠিছিল।

Pic

উল্লেখ্য যে তিনিখনীয়া শৃংখলাৰ যিহেতু প্ৰথমখন খেল,লগতে অধীৰ আগ্ৰহেৰে ৰৈ থকা অসমবাসীৰ আশা পূৰ কৰাৰ বাবে নিৰ্দিষ্ট অভাৰ কৰ্তন কৰি হ'লেও খেলখন খেলাব বিচাৰিছিল।ফলত বৰষুণ এৰাৰ   লগে লগে বিচিচিআইৰ  বিষয়াই  খেলখন অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰত প্ৰৱেশ কৰে।খেলপথাৰত প্ৰৱেশ কৰা লগে লগে বিচিচিআই বিষয়াৰ দলটো আচৰিত হয় অসম ক্ৰিকেট সন্থাই ফিল্ড শুকুৱাবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীসমূহ দেখি।কিয়নো সেই সময়ত ফিল্ড শুকুৱাৰ বাবে তেওঁলোকে ব্যৱহাৰ কৰিছিল হেয়াৰ ড্ৰায়াৰ,ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্রি।ইফালে,এই দৃশ্য দেখি আচৰিত হৈ পৰে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু শিখৰ ধাৱান।

আনহাতে,এই দৃশ্য লগে লগে ভাইৰেল হৈপৰে সামাজিক মাধ্যমত।বিভিন্নজনে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে অসম ক্ৰিকেট সন্থাৰ বিৰুদ্ধে। এজনে সামাজিক মাধ্যমত উল্লেখ কৰিছে-"ক'লা পতাকাৰ ভয়ত ডেৰ কিঃমিঃ যাবলৈ মন্ত্ৰীয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰখন কিয় আনিব পৰা নগ'ল।ফিল্ড খন শুকুৱাবৰ বাবে"।

ইফালে অসম ক্ৰিকেট সন্থাৰ এই দায়িত্বহীনতাৰ বাবে সমৰ্থকৰ আশাত চেঁচাপানী ঢালি খেলখন বাতিল কৰিবলৈ বাধ্য হ'ল।আন্তৰ্জাতিক পৰ্যায়ত ESPN, CRICBUZZ  আদি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে উল্লিখিত কাণ্ডজ্ঞানহীনতাৰ নমুনা।

Your Comments