মহানগৰীৰ ব্ৰহ্মপুত্ৰত লাচিত মূৰ্তিত শপত লৈ হেংদাং পূজন কৰি ৰণলৈ সাজু লাচিত সেনা

Pic

জাতিধ্বংসী কেবৰ বিৰুদ্ধে যুদ্ধলৈ সাজু হৈছে লাচিত সেনা।পৰম্পৰা অনুসৰি দেওবাৰে মহানগৰী লাচিত ঘাটত বীৰগৰাকীৰ প্ৰতিমূৰ্তিৰ তলত ব্ৰহ্মপুত্ৰক সাক্ষী কৰি জাতি ৰক্ষাৰ ৰণলৈ কৰা হ'ল হেংদাং পূজন। হেংদাং পূজন কৰি জাতি ৰক্ষাৰ বাবে শপত গ্ৰহণ কৰি সংগঠনটোৰ সেনাধ্যক্ষ অমৰ বৰুৱাই চৰকাৰক সকীয়াই দি কয়- "হেংদাং পূজন কৰিছোঁ আৰু শপত লৈছোঁ আজিৰে পৰা আমাৰ হাতত হেংদাং থাকিব।ইয়াৰ পিছত চৰকাৰলৈ যিখিনি ভাষা হ'ব,সেই ভাষা বুজিবলৈ তেওঁলোকৰ পলম হ'ব বুলি আমি নাভাবিম।' 'কেব আমি নালাগে নালাগে সকলোৱে কৈছোঁ।কিন্তু চৰকাৰৰ ময়মতালিৰ বাবে অসম জ্বলিছে আৰু ভীষণভাৱে জ্বলিব।পৰিস্থিতি চম্ভালিবলৈ চৰকাৰ কিমান সক্ষম হ'ব তাত সন্দেহ আছে'-সেনাধ্যক্ষ বৰুৱাই কয়। বৰ্তমান আমি সুসজ্জিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীক সকীয়নি দি কয়- 'অসমত কোনো কাৰণতে হিন্দু বঙালীক ৰাখিবলৈ দিয়া নহ'ব।হয় এই বিধেয়ক বাতিল কৰক অন্যথা অসম আন্দোলনতকৈ ভয়ংকৰ পৰিৱেশৰ সন্মূখীন হব।তেতিয়া কিন্তু ব্ৰহ্মপুত্ৰত পানী নববলৈ আছে।কাৰণ ইতিমধ্যে ১৭ বাৰ আমি মোগল খেদাইছোঁ এতিয়া ১৮নম্বৰ বাৰলৈ সম্পূৰ্ণ সাজু।' 'চৰকাৰৰ কামসমূহত ৰাইজ অতিষ্ঠ হোৱা ইতিমধ্যে চৰকাৰে সকলো দেখিছে। তাৰ পিছতো কুকুৰ ধেমালিৰ দৰে কিয় আমাক জোকাৰি আছে।এই জোকাৰণিত কিন্তু এইবাৰ ৮৫৫ জন শ্বহীদ নহ'ব পাৰে।তাৰ সলনি কিন্তু ১৬শ জন চৰকাৰৰ মানুহৰ কিন্তু হানি হ'ব পাৰে'-বৰুৱাই কয়।

Your Comments