বঙাইগাঁৱত 'কেব'ক লৈ জিলা উপায়ুক্তৰ সংবাদমেল:জিলাবাসীক শান্তি-সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংসদৰ চলিত শীতকালীন অধিৱেশনত বহু বিতৰ্কিত তথা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ কাৰণে চলোৱা প্ৰস্তুতিৰ পিছতে এতিয়া বিধেয়কখনক লৈ যাতে বঙাইগাঁও জিলাত কোনো আইন- শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে সষ্টম হৈ পৰিছে বঙাইগাঁও জিলা প্ৰশাসন।শনিবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি ৫ বজাত আয়োজিত এখন সংবাদমেলত জিলা উপায়ুক্ত ডাঃ সদনেক সিঙে কয় যে সম্ভৱত: ৯ ডিচেম্বৰত সংসদত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'ব ৷ সেয়ে এই বিধেয়কখনক লৈ যাতে বঙাইগাঁও জিলাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ  বাবে জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ লগতে উদ্ভৱ হ'ব পৰা যিকোনো আইন - শৃংখলাজনিত পৰিস্থিতিৰ মোকামিলা কৰিবলৈকো জিলা প্ৰশাসন সম্পূৰ্ণ সাজু বুলি কয় ৷ ইতিমধ্যে জিলাখনত থকা আৰক্ষী বাহিনী, কাৰ্যবাহী দণ্ডাধীশসকলক সকলো নিৰ্দেশনা দিয়া হৈছে ৷ তদুপৰি,জিলাখনত থকা নিৰাপত্তা বাহিনীসমূহকো সষ্টম কৰি ৰখা হৈছে আৰু স্পৰ্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থাৰ দিশটো অধিক কঠোৰ কৰি তোলাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় ৷ লগতে সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী, এছ এছ বি,  চি আই এচ এফকো নিৰাপত্তাত নিয়োজিত কৰা বুলি কয় ৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে কয় যে আগে পিচে জিলাখনত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিল ৷ সেয়ে এইবাৰো সকলো শ্ৰেণীৰ ৰাইজকে শান্তি- সম্প্ৰীতি অটুত ৰাখিবলৈ আহ্বান জনায় ৷ উপায়ুক্তগৰাকীয়ে কয় যে বৰ্তমানলৈকে বিভিন্ন দল- সংগঠনে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আহিছে আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পাৰে ৷ কিন্তু প্ৰতিবাদে যাতে হিংসাত্মক ৰূপ নলয় বা হিংসাত্মক প্ৰতিবাদ নকৰে তাৰ বাবে সকলোকে আহ্বান জনায় ৷ সেইদৰে প্ৰতিবাদী কাৰ্যসূচীত শিক্ষানুষ্ঠানৰ ছাত্ৰ- ছাত্ৰীসকলক জড়িত কৰাৰ পৰা বিৰত ৰখাৰ বাবেও শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ লগতে সকলো পক্ষকে অনুৰোধ জনোৱা বুলিও কয় ৷ ছাত্ৰ- ছাত্ৰীসকলৰ সুৰক্ষাৰ দিশটোলৈ চাই এই অনুৰোধ জনোৱা বুলিও কয় ৷ আনহাতে,ছ'চিয়েল মিডিয়াৰ দ্বাৰা যাতে কোনেও সমাজত উত্তেজনামূলক আৰু সম্প্ৰদায়িক মন্তব্যৰে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰে তথা আইন- শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাব নোৱাৰে তাৰ প্ৰতি জিলা প্ৰশাসনে ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে বুলিও কয় ৷ সংবাদ মেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাও উপস্থিত আছিল ৷

 

Your Comments