ৰণংহুংকাৰ:হিমন্তই আৰএছএছৰ কিতাপ পঢ়িছে,আমি অসম বুৰঞ্জী পঢ়িছোঁ-ৰাহুল ছেত্ৰী

Pic

কটনিয়ানৰ আহ্বানত 'কেব'ৰ বিৰুদ্ধে ৰণহুংকাৰত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী হুংকাৰ দিয়ে-'আমি কেব কেতিয়াও গ্ৰহণ নকৰো সি লাগিলে নতুনকৈ আনক বা পুৰণা হওক।' 'সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা কলংকিত নায়ক, জাতিৰ দালাল বুলি ছেত্ৰীয়ে উল্লেখ কৰি কয়-'এদিন ডিব্রুগড় বিশ্ববিদ্যালয়তে ছাত্ৰ ৰাজনীতি শিকি আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল।কিন্তু জাতিৰ বাবে দালাল হিচাপে চিহ্নিত হোৱাৰ বাবে আজি সোণোৱালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।' লগতে ছেত্ৰীয়ে কেব সমৰ্থন কৰা বিজেপি-আৰএছএছক প্ৰত্যাহ্বান জনাই কয়-'যদি সাহস আছে,ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহক,ছাত্ৰ সমাজৰ সৈতে কেব সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰক।বিধেয়কৰ পক্ষত যুক্তি দিব নোৱাৰিলে জনতা ভৱনৰ দালাল অসম এৰি পলাব লাগিব।' আনহাতে হিমন্ত বিশ্ব শৰ্মাই অযথা কেবৰ বাখ্যা অসমবাসীক দিব নালাগে বুলি সকীয়নী জনায় ছেত্ৰীয়ে কয়-'হিমন্তই আৰএছএছৰ গ্ৰন্থ পঢ়িছে,আমি অসম বুৰঞ্জী পঢ়িছো।আমাৰ আবেগৰ লগত যদি কোনোবাই ৰাজনীতি কৰে তেনে ৰাজনৈতিক দালালক অসমৰ মাটিৰ পৰা উফৰাই দিয়া হ'ব।' আনহাতে,জাতিৰ প্ৰয়োজনত অসমৰ জনতা ভৱনসমূহ বিবাহ ভৱন বনাই দিয়া হ'ব।লগতে সেই বিবাহ ভৱনত বিজেপি নেতা-মন্ত্ৰীক চকীদাৰ বনাই দিম-সাধাৰণ সম্পাদক ছেত্ৰীয়ে কয়। আনহাতে কেব অনাৰ বাবে বিজেপিয়ক ভোট দিছিল বুলি কোৱা প্ৰসংগৰ আঁত ধৰি ৰাহুল ছেত্ৰীয়ে কয়-'ৰঞ্জিত দাস, হিমন্তৰ দৰে জাতিৰ খলনায়কসকলে বুজা উচিত অসমবাসী ৰাইজে বিকল্প নোপোৱাৰ বাবে বিজেপিক ভোট দিছিল, আইক বিক্ৰী কৰিবলৈ দিয়া নাছিলো"। আনহাতে কোনে কোন দলত ৰাজনীতি কৰে কৰক বুলি উল্লেখ কৰি ছেত্ৰীয়ে কয়- 'বিজেপি, অগপ ,কংগ্ৰেছ, এবিভিপি,যি কৰা তাত আপত্তি নাই, কিন্তু প্ৰথমে নিজকে অসমীয়া বুলি ভাবিবলৈ শিকা।'

Your Comments