'কেব' বাতিলৰ বাবে ঐক্যবদ্ধ সংগ্রামৰ আহ্বান অখিল গগৈৰ: আজি দিছপুৰত গণ ধৰ্ণা

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমৰ জাতীয় সংগঠনৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ বৈঠক বিফল হোৱাৰ পিছতে বুধবাৰে পুৱাই মোডী কেবিনেটত অনুমোদন পালে কেব।  কেবিনেটত কেব  অনুমোদন পোৱাৰ পিছতে কৃষক নেতা  অখিল গগৈ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয়-'অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটোত অৰ্থাৎ শ্বহীদ দিৱসৰ দিনটোত কেন্দ্ৰৰ বিজেপি চৰকাৰে ইচ্ছাকৃতভাৱে কেব গৃহীত কৰি অসমীয়া জাতিৰ স্বাভিমানৰ ওপৰত শেষ গজালটো মাৰিবলৈ সাজু হৈছে।তাৰ পৰা জাতিয়ে পৰিত্ৰাণ পাবলৈ  সকলো কেব বিৰোধী জাতীয়-দল সংগঠন ঐক্যবদ্ধ হ'ব লাগে।বিজেপি-আৰএছএছৰ বিৰুদ্ধে বৃহৎ সংগ্রাম গঢ়ি তুলিব লাগে।'

উল্লেখ্য যে মঙলবাৰে গৃহমন্ত্ৰীৰে আছুৰ বৈঠকৰ পিছত মুখ্য উপদেষ্টা ড: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিছিল কেবৰ বিৰুদ্ধে সকলো জাতীয়-দল সংগঠনে ঐক্যবদ্ধভাৱে সংগ্রাম কৰাৰ কথা।সেই কথাৰ আঁত ধৰি কৃষক নেতা গগৈয়ে কয়- 'আছু, কৃষক মুক্তি, জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ প্ৰমুখ্যে যিমান কেব বিৰোধী সংগঠন আছে সকলো মুকলি মনেৰে ঐক্যবদ্ধ সংগ্রামলৈ ওলাই আহিব লাগে।তাৰ বাবে কৃষক মুক্তি সংগ্রাম সমিতি সাজু থকা বুলি সংবাদ মেলত ঘোষণা কৰে।'লগতে কয় যে এই ঐক্যবদ্ধ সংগ্রাম কেব বাতিল পর্যন্ত চলি থাকিব লাগে।

আনহাতে,সংবাদমেলতে গগৈয়ে ঘোষণা কৰে-বৃহস্পতিবাৰে দিনৰ ১১বজাৰ পৰা কেব বাতিলৰ দাবীত কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসম বিধানসভা চৌহদৰ বাহিৰত সাব্যস্ত  কৰিব প্ৰতিবাদী গণ ধৰ্ণা কাৰ্যসূচী। উক্ত কাৰ্যসূচীলৈ অসমৰ দল-মত নির্বিশেষে কেব বিৰোধী সকলো শক্তিক ওলাই আহিবলৈ আহ্বান জনায়।

ইফালে কেব গৃহীত হ'লে অসমত হ'ব পৰা ভয়ংকৰ পৰিস্থিতিৰ কথা বৰ্ণনা কৰি গগৈয়ে কয়-'অহা ২০-৩০ বছৰৰ ভিতৰত এটা এটা সমষ্ঠিত ডেৰৰ পৰা তিনি লাখ পৰ্য্যন্ত ভোটৰ বিভাজন দেখা দিব।'
উল্লেখ্য যে কেবৰ বিৰুদ্ধে সংসদত অৱস্থান গ্ৰহণ কৰিবলৈ দেশৰ চাৰিটা বিৰোধী ৰাজনৈতিক দল জেডিইউ, আৰজেডি, আম আদমী পাৰ্টী আৰু তৃণমূল কংগ্ৰেছক আহ্বান জনোৱা বুলি গগৈয়ে কয়।লগতে,ভাৰতীয় জাতীয় কংগ্ৰেছক সকলো বিৰোধীক কেব বাতিলৰ দাবীত ঐক্যবদ্ধ কৰাৰ বাবেও গগৈয়ে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

ইফালে,কেবৰ বিৰূদ্ধে কৃষক মুক্তি সংগ্রাম সমিতিয়ে ১১ ডিচেম্বৰৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ গাঁৱে-ভূঁয়ে ৰাইজক সজাগ কৰি গাঁও সভা, সভা আদি কাৰ্যসূচী গ্ৰহণ কৰিব।আনহাতে,কেব গৃহীত হ'লে তেওঁলোক দাৰস্থ হ'ব উচ্চতম ন্যায়ালয়ৰ।

আনহাতে,গগৈৰ মতে-'কেব গৃহীত হ'লে সমগ্ৰ ভাৰততে মৌলবাদী শাসন চলিব। মৌলবাদী শক্তি বিজেপি আৰএছএছক তাৰ বাবে উচন  কৰিব লাগিব।'

Your Comments