অগপ মুখ্য কাৰ্যালয়ৰ সন্মুখত 'কেব'ৰ বিৰুদ্ধে বিচিত্ৰ প্ৰতিবাদ:লক্ষ্য সভাপতি অতুল বৰা

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ক্ৰমাৎ জ্বলিছে ৰাজ্য।আঞ্চলিকতাবাদী চৰিত্ৰক বৰ্জন দি ৮৫৫ গৰাকী শ্বহীদৰ মহান ত্যাগক গুৰুত্বহীন কৰি ইতিমধ্যে জাতিধ্বংসী বিধেয়কৰ পক্ষত থিয় দিছে অসম গণ পৰিষদৰ একাংশ ক্ষমতালোভী নেতা।অগপৰ এই কাৰ্যত ক্ষুণ্ণ হৈ কোনো অজ্ঞাত লোকে মঙলবাৰে ৰাতি আঞ্চলিক ৰাজনৈতিক দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত অগপ দলৰ সভাপতি অতুল বৰাৰ প্ৰতীকী মৃতদেহ চিপ লোৱা অৱস্থাত ওলোমাই ৰাখে।লগতে প্ৰতিবাদীয়ে চিপ লোৱা বৰাৰ কাষত এখন চুইচাইড টোকা ওলোমাই থয়। টোকাটোত লিখা আছে-'নমস্কাৰ,মই অতুল বৰা।নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলোঁ।৮৫৫ গৰাকী শ্বহীদক অপমান কৰি মই অনুতপ্ত।তাৰে দুখতে মই আজি অগপ কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলোঁ।' উল্লেখ্য যে ইফালে ৰাতি কোনে এই প্ৰতিবাদ সাৱ্যস্ত কৰিলে,সেই কথা এতিয়াও অৱশ্যে পোহৰলৈ অহা নাই।ইফালে,মন কৰিব লগা কথা এই যে মঙলবাৰে সভাপতি অতুল বৰাই 'কেব' সমৰ্থন কৰি কেইলাখমান বিদেশীৰ বোজা অসমে ল'ব লাগে বুলি মন্তব্য কৰিছিল।তাৰ পিছতে ৰাজ্যবাসী ক্ষুব্ধ হৈ পৰিছিল বৰা আৰু অগপৰ বিৰুদ্ধে।

Your Comments