'কেব' বিৰোধিতাৰে মহানগৰীত বৃহৎ জোঁৰ সমদল কৃষক মুক্তি সংগ্রাম সমিতিৰ

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতাৰে মহানগৰীৰ ৰাজপথত কৃষক মুক্তি সংগ্রাম সমিতিয়ে জোঁৰ সমদল উলিয়াই।মঙলবাৰে সন্ধিয়া মহানগৰীৰ গুৱাহাটী ক্লাবৰ পৰা প্ৰায় তিনি শতাধিক সদস্যৰ অংশগ্ৰহণেৰে সংগঠনটোৱে চানমাৰিলৈকে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী।প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, নৰেন্দ্ৰ মোডী গ' বেক, অমিত শ্বাহ মুর্দাবাদ,জাতিক বিক্ৰী কৰা অগপ হুচিয়াৰ, জাতিধ্বংসী কেব আমি নামানো আদি শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

সমদলত অংশগ্ৰহণ কৰি কৃষক নেতা অখিল গগৈয়ে স্পষ্ট মত প্ৰকাশ কৰে- 'নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে নামানো-নামানো-নামানো।কেন্দ্ৰীয় চৰকাৰে যি কথা নকওঁক লাগে,বিধেয়ক কেতিয়াও মানি লোৱা নহ'ব।কাৰণ এই বিধেয়ক সংবিধান বিৰোধী,সাম্প্ৰদায়িক আৰু অসমীয়া জাতিক ভাঙি তচনছ কৰি পেলাব। বিধেয়ক গৃহীত হ'লে ৩০ লাখ হিন্দু-বাংলাদেশীয়ে নাগৰিকত্ব পাব আৰু বাংলাদেশৰ পৰা ১ কোটি ৭০লাখ বাংলাদেশী অসমলৈ আহিব।'

ইফালে অগপ সভাপতি অতুল বৰাই কেবক সমৰ্থন কৰি কেইলাখমান বিদেশীৰ বোজা গ্ৰহণ কৰিম বুলি কোৱা মন্তব্যক কৃষক মুক্তি সংগ্রাম সমিতিয়ে তীক্ষ্ণ ভাষাৰে নিন্দা কৰা বুলি অখিল গগৈয়ে উল্লেখ কৰে।লগতে গগৈয়ে অগপ আৰু অতুল বৰা সন্দৰ্ভত কয়-'অতুল বৰাৰ মন্তব্যই অসমীয়া জাতিৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে।প্ৰমাণ কৰিছে অসম গণ পৰিষদে নাগপুৰ-দিল্লীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমীয়া জাতিৰ শত্ৰুপক্ষত থিয় দিছে।'

আনহাতে,অগপক এই স্থিতিৰ পৰা ঘূৰি আহিবলৈও অখিল গগৈয়ে আহ্বান জনায়।লগতে কয় যে যদি তেওঁলোক জাতিৰ পক্ষত ঘূৰি নাহে,তেন্তে অগপৰ বিৰুদ্ধে সংগ্রাম গঢ়ি তুলিব।

আনহাতে,কেবৰ বিৰুদ্ধে এই প্ৰতিবাদী জোঁৰ সমদলত অংশগ্ৰহণ কৰে জ্যেষ্ঠ অধিবক্তা অৰূপ বৰবৰা,উদয়াদিত্য ভৰালীৰ দৰে            বিশিষ্ট  ব্যক্তিয়ে।

Your Comments