'কেব'ৰ বিৰোধিতাত বংশৰ আছুৰ চাইকেল ৰেলী

Pic

হাজোৰ প্ৰতিবেদক:

কেন্দ্ৰীয় চৰকাৰে 'কেব' আনিমেই বুলি সিদ্ধান্ত লোৱাৰ পিছতে জ্বলিছে ৰাজ্য। বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে তীব্রতৰ হৈছে প্রতিবাদ। সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সোমবাৰে পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বামুন্দী বজাৰ চ'কৰ পৰা লাহ শ্বহীদ বেদী চ'কলৈ চাইকেল সমদল কৰে। সৰ্বানন্দ-হিমন্ত হায় হায়, অসম চুক্তিক সন্মান দিয়ক শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে।প্ৰতিবাদস্থলীত সদৌ কামৰূপ জিলা ছাত্ৰৰ সহকাৰী সম্পাদক আৰু শিক্ষা সম্পাদক সুৰজিৎ  কলিতাই কেব অসমত কোনোপধ্যেই মানি নলয় বুলি কয়। ছাত্ৰ নেতা অনুপ দাস, মানৱ ঠাকুৰীয়া, ৰুবুল কলিতা, ধ্ৰুৱজ্যোতি দাস, দেৱাশীষ শৰ্মা, ধনজিৎ নাথ আদি উপস্থিত থাকে।

Your Comments