'কেব'ৰ বিৰোধিতাত হাজো আছুৰ মটৰ বাইক ৰেলী

হাজোৰ পৰা কমলাকান্ত দাস:

হাজো আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি  সোমবাৰে উলিওৱা মটৰ বাইক  সমদল হাজো উচ্চতাৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা ভঁৰালীটোলা হৈ পাখামেলা-পতনিৰে কুমাৰপাৰা-মাধব-মন্দিৰ হৈ কোচটোলা হৈ আহি হাজো উচ্চতাৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সমপ্ত কৰা হয় । এই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে সদৌ কামৰূপ জিলা ছাত্ৰ   সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ইমদাদুৰ ৰহমান, হাজো আঞ্চলিক ছাত্ৰ    সন্থাৰ সভাপতি নৱজ্যোতি দাস, সাধাৰণ সম্পাদক তপন দাস সহিতে হাজো আছুৰ সমুহ বিষয়ববীয়া আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী হাজোৰ-হাজাৰ লোক।

Your Comments