লখিমপুৰৰ খেৰকটীয়া নৈৰ পাৰত টিএমপিকেৰ বৃহৎ গণ সমাৱেশ:খাবলু নৈৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণৰ কাম আৰম্ভৰ দাবী

Pic

লোহিত খাবলুৰ পৰা ৰাজীৱ পাতিৰ:

প্ৰখৰ ৰ'দকো নেওচি লখিমপুৰ জিলাৰ লোহিত খাবলুৰ হাজাৰ-হাজাৰ প্ৰতিবাদী জনতাই যোৱা ৩০ নৱেম্বৰত সোৱণশিৰি নৈৰ পাৰলৈ ওলাই আহি প্ৰস্তাৱিত খাবলুৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবীৰে শপত ললে । এই দলংৰ নিৰ্মাণ কাৰ্য অহা ২১ ৰ বিধান সভা নিৰ্বাচনৰ আগতে আৰম্ভ নকৰিলে লোহিত খাবলু গাঁও পঞ্চায়তৰ চৌত্ৰিশখন গাঁৱৰ জনতাই নিৰ্বাচন বৰ্জন কৰিব বুলি ৰাজ্য চৰকাৰক কঠোৰ সকিয়নি প্ৰদান কৰি অংগীকাৰবদ্ধ হয় সোৱণশিৰি নৈৰ পাৰত অনুষ্ঠিত হোৱা বৃহৎ গণ সমাৱেশত অংশগ্ৰহণ কৰা হেজাৰ হেজাৰ প্ৰতিবাদী জনতাই। এনে পৰিপ্ৰেক্ষিতত পৰিস্থিতি জটিল নকৰাৰ পূৰ্বে সময় থাকোঁতে যাৱতীয় কাম কাজ কৰিবলৈ স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ ৭২ টা বছৰৰ পিছতো লোহিত খাবলুবাসীয়ে যাতায়ত-যোগাযোগ, স্বাস্থ্য,শিক্ষা,খহনীয়া,পশুচিকিৎসা আদিকে ধৰি এশ এবুৰি সমস্যাৰ মাজত আৱদ্ধ হৈ আছে । দীৰ্ঘদিন ধৰি ৰাজ্য চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনক উথাপিত এই জলন্ত সমস্যাৰ সমাধানৰ দাবী জনাই অহাৰ পিছতো কোনো ফলপসু পদক্ষেপ গ্ৰহণ নকৰা কাৰ্য্যই স্বাভাৱিকতে ক্ষোভিত কৰি তুলিছে লোহিত খাবলুবাসীক । এনে পৰিপ্ৰেক্ষিতত মিচিং জাতীয় সংগঠন টি এম পি কে;এম এম কে আৰু টি এম এম কে লোহিত খাবলু আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত লোহিত খাবলুবাসী ৰাইজৰ সহযোগত আজি ৰাতিপুৱা এঘাৰ বজাৰ পৰা সোৱণশিৰি নৈৰ খাবলু পাৰঘাটৰ অংশত বৃহৎ গণ সমাৱেশ তথা বিশাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয়। টি এম পি কে লোহিত খাবলু আঞ্চলিক সমিতিৰ সভাপতি বিনোদ দলেই আঁত ধৰা প্ৰতিবাদী কাৰ্যসূচীত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ লোহিত পশ্চিম সমষ্টিৰ সাধাৰণ সদস্য মুকুল দলেই কয় '৮৫ চনৰ অগপ চৰকাৰে লখিমপুৰ আৰু লোহিত খাবলুক সংযোগ কৰি সোৱণশিৰি নৈৰ খাবলুৰ ওপৰত দলং নিৰ্মাণৰ প্ৰস্তাব গ্ৰহণ কৰে। ইয়াৰ পৰৱৰ্তীকালত ৰাজ্যৰ শাসনভাৰ দখল কৰা কংগ্ৰেছৰ কাৰ্যকালত দলংৰ জৰীপ চলোৱা; ডিপিআৰ প্ৰস্তুত কৰা,পুঁজি ধাৰ্য্য কৰা,ভূমিৰ ওপৰত বাৰম্বাৰ পৰীক্ষা কৰা আদি অনেকখিনি যাৱতীয় কাম-কাজ হৈ যোৱাৰ পিছতো এক ৰহস্যজনক কাৰণত আজিলৈকে খাবলুত দলংৰ কাম আৰম্ভ নহ'ল । চৰকাৰলৈ বহুবাৰ স্মাৰক পত্ৰ প্ৰেৰণ কৰা ,আলোচনা-বিলোচনা তথা বিয়াগোম ৰাজনৈতিক নেতাৰ বক্তৰ ফুলজাৰি বহুত হ'ল কিন্তু লোহিত খাবলুবাসীৰ জীৱনলৈ কোনো পৰিৱৰ্তন নাহিল বুলি আক্ষেপ প্ৰকাশ কৰে।টি এম পি কে কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা জিলা পৰিষদ সদস্য ইন্দ্ৰ কুমাৰ চুংক্ৰাঙে লোহিত খাবলুবাসী লোকৰ বিভিন্ন সমস্যাৰ ওপৰত ব্যাখ্যা কৰি কয় -- এক শক্তিশালী সংগ্ৰামৰ জৰিয়তে নিজৰ অধিকাৰসমূহ আজুৰি আনিব লাগিব। বৰ্তমান সময়ত কঠোৰ সংগ্ৰামৰ অবিহনে কোনো চৰকাৰে সমস্যা সমাধান কৰাৰ ইচ্ছা প্ৰকাশ নকৰে । সেইকাৰণে চৰকাৰক বাধ্য কৰাবলৈ হ'লে সকলোৱে ওলাই আহি মাজুলী-যোৰহাট সংযোগী দলং আৰু টেকেলিফুটা-দিচাংমুখ সংযোগী দলং নিৰ্মাণৰ পূৰ্বে সোৱণশিৰি নৈৰ ওপৰত খাবলুৰ দলং প্ৰথম নিৰ্মাণ হ'বই লাগিব স্পষ্ট কৰি দিয়ে । এই সংগ্ৰামত দল-মত নিৰ্বিশেষে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি টি এম পি কে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজকুমাৰ মৰাঙে কয়-- লখিমপুৰ আৰু লোহিত খাবলু সংযোগী দলং নিৰ্মাণৰ দাবী কেৱল লোহিত খাবলুবাসীৰ সমস্যা নহয়; ই টি এম পি কে কেন্দ্ৰীয় সমিতিৰ বাবেও অন্যতম জলন্ত সমস্যা বুলি উল্লেখ কৰি ইয়াক ৰাজ্যিক সমস্যা হিচাপে গ্ৰহণ কৰি তীব্ৰ ৰূপত আন্দোলন গঢ়ি তুলিব। তদুপৰি ভূমি পট্ৰা,খহনীয়া,যাতায়ত-যোগাযোগ,স্বাস্থ্য আদিকে ধৰি বিভিন্ন সমস্যাৰ মাজত লোহিত খাবলু অঞ্চলৰ লোক বৰ্তমান আধুনিক সভ্যতাৰ যুগতো ককবকাই থকাটো আমাৰ বাবে দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিব টি এম পি কেৰ সভাপতি গৰাকীয়ে । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা এম এম কে কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিজু পেগু লখিমপুৰ জিলাৰ অন্যান্য সমস্যাৰ লগতে লোহিত খাবলু গাঁও পঞ্চায়তৰ পৰা উথাপিত সমস্যা সমাধানৰ দাবী জনায় । এইক্ষেত্ৰত উন্নয়ন কামী ৰাইজক ধৈৰ্য্যৰ পৰীক্ষা নকৰিবলৈ অসম চৰকাৰ তথা লখিমপুৰ জিলা প্ৰশাসনক সকিয়নি প্ৰদান কৰে। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি জয় প্ৰকাশ দাসে টি এম পি কেৰ নেতৃত্বত লোহিত খাবলুত উন্নয়ন বিছাৰি আৰম্ভ কৰা সংগ্ৰামৰ প্ৰতি চকু মেলি চাবলৈ আহ্বান জনায় । গড়মূৰ পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক যুগল নাথে আমিও বিছাৰো উন্নয়ন অবিহনে জীয়াই থকা অসম্ভৱ বুলি মন্তব্য কৰে । ইপিনে লোহিত খাবলু গাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁও ক্ৰমে বৰালিমৰা,পাচু, নামচিং গাদুম,বৰালি, কামৰেক, যোগীবাৰী, পাঠৰিচুক, পাঠৰি চাপৰি, দুঘৰীয়া, চেলেক সমবায়,ললিতি মৰাং,উজনি ডাম্বুকিয়াল,নামনি ডাম্বুকিয়াল, উত্তৰ ডাম্বুকিয়াল,ষোল্ল মাইল, হস্তিনাপুৰ, মৰলীয়া,ঔগুৰি মৰলীয়া, লিগিৰীমুখ চানং,পশ্চিম চানং, নামনি কুলামুৱা, উজনি কুলামুৱা, বৰুণচুক, কাম্বং,মিলনপূৰ, তামোলঘূলি, নগৰ গাঁও, বালি গাঁও আদিকে ধৰি চৌত্ৰিশখন গাঁৱৰ পৰা প্ৰতিবাদী জনতাই পুৱা ন বজাত সোৱণশিৰি নৈৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি খাবলুৰ ওপৰত দলং লাগিবই,খহনীয়া প্ৰতিৰোধৰ বিজ্ঞানসন্মত আঁচনি গ্ৰহণ কৰক,উপযুক্ত চিকিৎসালয় প্ৰতিষ্ঠা কৰি নিৰাপত্তা প্ৰদান কৰক ,যাতায়ত-যোগাযোগ ব্যৱস্থাৰ লোহিত খাবলুৰ বাবে বিশেষ পেকেজ ঘোষণা কৰক , আমাক উন্নয়ন লাগিবই,অসম চৰকাৰ হায় হায়,লখিমপুৰ জিলা প্ৰশাসন হায় হায়,আমালৈ চকু মেলি চাওঁক টি এম পি কে জিন্দাবাদ, এম এম কে জিন্দাবাদ, টি এম এম কে জিন্দাবাদ আদি ধ্বনিৰে উত্তাল হৈ পৰে লোহিত খাবলুৰ আকাশ বতাহ। সোৱণশিৰি নৈৰ পানীত নামি গৈ যিকোনো প্ৰকাৰে জলন্ত সমস্যাৰ সমাধান কৰোৱাৰ বাবে পণ লয় প্ৰতিবাদী জনতাই । আজিৰ এই গণ সমাৱেশ খাবলু দলং নিৰ্মাণ দাবী সমিতি গঠন কৰা, জিলা টি এম পি কেৰ উদ্যোগত আন্দোলন গঢ়ি তোলা, লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰা, অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে প্ৰতিনিধি প্ৰেৰণ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰা হয়। এই সভাত লখিমপুৰ-মাজুলী সংযোগী গড়কাপ্তানি পথ নিৰ্মাণ কৰা,সোৱণশিৰি-খেৰকটীয়া নৈৰ খহনীয়া প্ৰতিৰোধ কৰা, মাটিৰ জৰীপ ক্ষীপ্ৰতাৰে আৰম্ভ কৰা,৩০ খন বিছনাযুক্ত আদৰ্শ চিকিৎসালয় প্ৰতিষ্ঠা কৰা, পশুচিকিৎসাৰ বাবে উপ স্বাস্থ্যৰ কেন্দ্ৰ নিৰ্মাণ কৰা, পাঠৰিচুক দলংৰ পৰা বৰালিমৰা সংযোগী পথ নিৰ্মাণ কৰা, ষোল্ল মাইলৰ পৰা ডাম্বুকিয়াল, দুঘৰীয়া আৰু পাঠৰিচুক দলং সংযোগী পথ নিৰ্মাণ কৰা , লোহিত ঘাটৰ পৰা তামুলগুৰি তিনি আলি আৰু লিগিৰী চানং সংযোগী পথ নিৰ্মাণ কৰা আদি কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ লখিমপুৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে । আজিৰ প্ৰতিবাদী কাৰ্যসূচীত এম এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য নিম পেগু, টি এম পি কে লখিমপুৰ জিলা সমিতিৰ বিজু দলে ,সম্পাদক অনিল চাংমাই,টি এম পি কেৰ প্ৰাক্তন সভাপতি ৰবিন দলে,এম এম কে সভাপতি দিলীপ পেগু, সম্পাদক,টি এম এম কে কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী বিচিত্রা দলে,সহকাৰী সম্পাদিকা শৰ্মিলা পায়ে আদিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই উপস্থিত থাকে।

Your Comments