'কেব' বিৰোধিতাৰে পুনৰ আন্দোলনৰ কাৰ্যসূচী কটনিয়ানৰ :৬ ডিচেম্বৰত 'ৰণহুংকাৰ' গণ ধৰ্মঘট

Pic

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।অহা ৬ ডিচেম্বৰত বিধেয়ক বিৰোধিতাৰে গ্ৰহণ ছাত্ৰ একতা সভাই ৰূপায়ণ কৰিব 'ৰণহুংকাৰ' শীর্ষক গণ ধৰ্মঘট।কাৰ্যসূচীত কেব বিৰোধী প্ৰতিটো দল-সংগঠনৰ প্ৰতিনিধিৰ লগতে ৰাজ্যৰ শিল্পী,কলা-কুশলীসকল উপস্থিত থাকিব।এই বিষয়ে উল্লেখ কৰিছে কটন বিশবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল বৰদলৈয়ে।

ইয়াৰ উপৰিও সাধাৰণ সম্পাদক বৰদলৈয়ে কয়-'৮৫৫ গৰাকী শ্বহীদৰ ভাতৃ-ভগ্নী হিচাপে পাঁচ হাজাৰ কটনিয়ানে কেবৰ বিৰুদ্ধাচৰণ কৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিব।একেদৰে সমান্তৰালকৈ বিধেয়কখনৰ বিৰুদ্ধে কটনিয়ানে দুই-এদিনৰ ভিতৰতে আৰম্ভ কৰিব গণ স্বাক্ষৰ অভিযান।লগতে,অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক গামোচাক প্ৰতিবাদৰ সমল গ্ৰহণ কৰি গামোচাত কেব বিৰোধিতা লিপিবদ্ধ কৰি  প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব।'

উল্লেখ্য যে সোমবাৰে বিশ্ববিদ্যালয়খনৰ এলুমনি ভৱনত কেব সন্দৰ্ভত ছাত্ৰ একতা সভাৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়াসকলে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত উপস্থিত থাকি কটন কলেজ ছাত্ৰ একতা সভাৰ শেষৰগৰাকী সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কয়- 'ছাত্ৰ সমাজৰ বুকুত জাতিপ্ৰেমৰ জুই জ্বলি উঠিছে।কোনো সংগঠন বা ৰাজনৈতিক দলৰ উদ্যোগত নহয়,নিজে নিজে কেবৰ বিৰুদ্ধে সংগ্রাম কৰিছে।যদি কেন্দ্ৰ-ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়ে, পৰিস্থিতি অসম আন্দোলনতকৈ ভয়ংকৰ হ'ব।'

কেবৰ সন্দৰ্ভত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকা কংগ্ৰেছৰ মাজত দুমুখীয়া চৰিত্ৰ সলনি কৰাৰ দাবী জনাই ঠাকুৰীয়াই আৰু কয়-'দীৰ্ঘদিন শাসনত থাকি অসম চুক্তি কাৰ্যকৰী কৰিবলৈ নোৱাৰা কংগ্ৰেছৰ স্থিতি যদি সলনি নহয়, নিস্তাৰ নাপাব।'

একেদৰে,২০১৫-১৬ বর্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অম্লান জ্যোতি দেউৰীয়ে কেব সন্দৰ্ভত অগপ আৰু অসম সাহিত্য সভাৰ স্থিতিক সমালোচনা কৰি কয়-'অগপ আৰু অসম সাহিত্য সভাই ক্ষমতাৰ বাবে আজি জাতিক বিশ্বাসঘাটকতা কৰিছে।প্ৰতিগৰাকী জাতিপ্ৰেমী অসমীয়াই এনেকুৱা জাতীয় অনুষ্ঠানক প্ৰত্যাখান কৰা উচিত।'

একেদৰে প্ৰাক্তন সাধাৰণ সম্পাদক নিশিৰঞ্জন কে মল্লিকাই কয়-'অমিত শ্বাহে উত্তৰ-পূবৰ ঐক্যবদ্ধ সংগ্ৰামক ভাগ-ভাগ কৰিবলৈ বিচাৰিছে।বিজেপিৰ এই জালত যাতে কোনো নপৰে,তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ।'

আনহাতে অসম বিধানসভাত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই 'জয় বাংলাদেশ' ধ্বনি দিয়া কাৰ্যক সমালোচনা কৰি সম্পাদক ৰাহুল বৰদলৈয়ে পুনৰ কয়-'তেওঁৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে দাখিল কৰিব এজাহাৰ।লগতে কেব সমৰ্থনকাৰী ৰাজ্যিক বিজেপিৰ কাৰ্যালয় তেওঁলোকে ঘেৰাও কৰিব বুলি ঘোষণা কৰে।

সংবাদমেলখনত প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, মনমোহন চুতীয়াকে ধৰি বহুকেইজন ছাত্ৰ একতা সভাৰ সদস্য উপস্থিত থাকে।

Your Comments