অগপ কাৰ্যালয় ঘেৰাও কৰি কটনিয়ানৰ প্ৰতিবাদ:'কেব' সমৰ্থন কৰা অগপক ৰাইজে পুলিয়ে-পোখাই নাইকিয়া কৰিব

Pic

মন্ত্ৰিত্বৰ লালসাত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা অসম গণ পৰিষদৰ আমবাৰী মুখ্য কাৰ্যালয়ত শনিবাৰে কটনিয়ানে প্ৰতিবাদ সাব্যস্ত কৰে।জাতিক ধ্বংস কৰিব পৰা বিজেপি,সাম্প্ৰদায়িক কেবক সমৰ্থন কৰা অগপ নেতৃত্বক সকীয়নী প্ৰদান কৰি কটনৰ ছাত্ৰসকলে আঞ্চলিক ৰাজনৈতিক দলটোৰ  মুখ্য কাৰ্যালয়ৰ সন্মুখত  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।কাৰ্যালয়টো ঘেৰাও কৰি সাৱ্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা।

অগপ কাৰ্যালয় ঘেৰাও কৰি কটন কলেজৰ ছাত্ৰ একতা সভাৰ অন্তিমজন প্ৰাক্তন সাধাৰণ সম্পাদক জিন্টু ঠাকুৰীয়াই কয় যে জাতিৰ সংকটৰ সময়ত যোৱা বছৰ কেবৰ বিৰুদ্ধে অগপৰ তিনি মন্ত্ৰীয়ে পদত্যাগ কৰি বিজেপিৰ সংগ ত্যাগ কৰি এখন নাটক পাতিলে।যিসময়ত সমগ্ৰ অসমৰ ছাত্ৰ-সমাজ কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে,সেই সময়ত তেওঁলোকে নিজৰ গাদীৰ কথা চিন্তা কৰি আছে।জাতিক তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে।তেওঁলোকৰ অলপো কুণ্ঠাবোধ নহ'ল অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক অপমান কৰিবলৈ।

দলটোৰ তিনিগৰাকী মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীকে আদি কৰি অগপৰ প্ৰতিগৰাকী মন্ত্ৰী- বিধায়ক-সচিবক জিন্টু ঠাকুৰীয়াই সকীয়নী প্ৰদান কৰি কয়-'অসমীয়া জাতিয়ে বহুত সহ্য কৰিলে আৰু সহ্য নকৰে।অসমৰ ছাত্ৰ সমাজে ইয়াক কেতিয়াও সহ্য নকৰে।যদি ইমানৰ পিছতো অগপই স্থিতি সলনি কৰি কেবৰ বিৰুদ্ধে ওলাই আহি অসমৰ ৰাইজৰ লগত সহমৰ্মিতা প্রদর্শন নকৰে,ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ অগপক দিব।ইতিমধ্যে,নিজে কৰা ভুলৰ বাবে তেওঁলোকক ৰাইজে প্ৰত্যুত্তৰ দিছে।আকৌ যদি তেওঁলোকে ভুল কৰে,এইবাৰ ৰাইজে অগপক পুলিয়ে-পোখাই নাইকিয়া কৰি পেলাব।'

উল্লেখ্য যে দলটোৰ কাৰ্যালয়ৰ সন্মুখত তিনিটা মন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে ছাত্ৰসকলে।অগপ গ' বেক,অতুল বৰা হায় হায় ধ্বনিত উত্তাল হয় সমগ্ৰ পৰিৱেশ।

ইফালে প্ৰতিবাদকাৰী কটনিয়ানসকলক লতাশিল আৰক্ষীয়ে আটক কৰে।

Your Comments