দায়িত্বভাৰ গ্ৰহণ কৰিয়ে লতাশিল থানাত উপস্থিত ভাৰপ্ৰাপ্ত ডিজিপি ভাস্কৰ জ্যোতি মহন্ত

Pic

মহানগৰীৰ উমানন্দ পাৰঘাটৰ ব্ৰহ্মপুত্ৰৰ বুকুত ৪০টাকৈ হিন্দু বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি উদ্ধাৰ হোৱাৰ ঘটনাৰ বুজ ল'বলৈ দেওবাৰে  লতাশিল থানালৈ আহিল নৱনিযুক্ত অসম আৰক্ষী ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।উল্লেখ যে শনিবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ গুৰু দায়িত্ব গ্ৰহণ কৰা পিছত দেওবাৰে পুৱাই মহন্ত উপস্থিত হয় লতাশিল থানাত।

গুৰুত্বপূৰ্ণ কথা এই যে শনিবাৰে দিনৰ ১২.৩০ বজাত এগৰাকী ব্যক্তিয়ে ব্ৰহ্মপুত্ৰত গা ধুবলৈ যাওঁতে অষ্টধাতু আৰু পিতলেৰে নিৰ্মিত কিছু মূৰ্তিৰ সম্ভেদ পাইছিল। তাৰ পিছতে ব্যক্তিগৰাকীয়ে দুটা মূৰ্ত্তি ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উঠাই আনিছিল।তেনে সময়তে লতাশিল আৰক্ষীয়ে খবৰ পোৱাত উক্ত স্থানত গৈ লতাশিল আৰক্ষীৰ এটা দল উপস্থিত হৈছিল।তাৰ পিছতে ৰাইজৰ সহযোগত ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰিছিল ৩৭ টাকৈ মূৰ্তি। তাৰ পিছতে আৰক্ষীয়ে আৰু মূৰ্তি থকাৰ সন্দেহত খবৰ দিয়ে এছডিআৰএফ বাহিনীক।এচডিআৰএফৰ দলে ব্ৰহ্মপুত্ৰ বুকুৰ পৰা উদ্ধাৰ কৰিছিল আৰু তিনিটা মূৰ্তি।

ইফালে,ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকী উপস্থিত হৈ মূৰ্তিসমূহ এটা- এটাকৈ দর্শন কৰে।তেওঁৰ লগত আছিল মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, লতাশিল থানাৰ এচিপি।উদ্ধাৰ হোৱা ঘটনাৰ যি তথ্য বৰ্তমান সময়লৈকে লতাশিল আৰক্ষীয়ে লাভ কৰিছে,সেই তথ্য মহন্তক অৱগত কৰিছে।আনহাতে, উদ্ধাৰৰ সন্দৰ্ভত ডিজিপি মহন্তই কয় যে যি কেইগৰাকী ব্যক্তিয়ে মূৰ্তিসমূহ উদ্ধাৰ কৰিছিল তেওঁলোকক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰা পুৰষ্কৃত  কৰিব।লতাশিল থানাৰ যিসকল আৰক্ষী এই উদ্ধাৰত জড়িত হৈ আছিল,তেওঁলোকক ডিজিপিয়ে পুৰষ্কৃত কৰিব।

আনহাতে মূৰ্তিসমূহ কেনেদৰে এই স্থানলৈ আহিবলৈ পালে,সেই সন্দৰ্ভত তদন্ত চলি আছে।অধিক তথ্যৰ বাবে সবিশেষ জনোৱাৰ পৰা বিৰত থাকে তেওঁ।

আনহাতে মূৰ্তিসমূহ কেনেদৰে ক'ত ৰাখিবলৈ পৰা যায়,সেই সন্দৰ্ভত পুৰাতত্ব বিভাগৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও অৱগত কৰে।সংগ্ৰাহালয়ত সংৰক্ষণ কৰিব পৰা যায় নেকি,তাক লৈ কথা-বাৰ্তা পতা হৈছে বুলিও অৱগত কৰে।

Your Comments