৪-৮ ডিচেম্বৰত ডিব্ৰুগড়ত "নৰ্থ ইষ্ট ইক' ট্যুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেল-২০১৯"

Pic

"স্বেচ্ছাসেৱী অনুষ্ঠান 'খোজ অসম'ৰ উদ্যোগত আৰু 'নেচাৰ্চ বেকন'ৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে 'নৰ্থ ইষ্ট ইক' ট্যুৰিজিম এণ্ড কালচাৰেল ফেষ্টিভেল-২০১৯'।অহা ৪ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত হ'ব লগা অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য হৈছে ডিব্ৰুগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত থকা পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা সম্পদসমূহক তুলি ধৰা আৰু পৰ্যটকসকলক উদগনি জনোৱা।"এই কথা সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে ফেষ্টিভেলৰ সভাপতি সৌম্যদীপ দত্তই। উল্লেখ্য যে পৰ্যটন উৎসৱটোত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীসমূহে অংশগ্ৰহণ কৰাৰ লগতে অৰুণাচল চৰকাৰৰ পৰ্যটন বিভাগে অংশগ্ৰহণ কৰিব।পৰ্যটন উৎসৱটোত ডিব্ৰুগড়কে আদি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটনৰ স্থলীসমূহৰ ফটো প্রদর্শন, মাজুলীৰ মুখা শিল্প,জনগোষ্ঠীয় পোচাক-খাদ্য সম্ভাৰ আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ উপৰিও দত্তই জানিবলৈ দিয়া অনুসৰি ট্ৰেকিং, চাইকেল ৰেলী, ইক' কেম্প আদি পৰ্যটকৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বনাঞ্চল ভ্ৰমণ কৰিবলৈ কিদৰে প্ৰস্তুত হৈ যাব লাগে,বিভিন্ন পক্ষী দর্শনৰ বাবে জংঘললৈ গ'লে কেনেদৰে যাব লাগে,সেই সন্দৰ্ভত এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক জংঘল ভ্ৰমণৰ বাবে দিহিং পাটকাই অভয়াৰণ্য আৰু জকাই বনাঞ্চলত প্ৰাথমিক প্ৰশিক্ষণ প্ৰদান কৰিব।ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু থকা-খোৱা সম্পূৰ্ণ বিনামূলীয়া। উল্লেখ্য যে পৰ্যটন উৎসৱটোৰ আয়োজনৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ৩ লাখ টকা প্ৰদান কৰিব বুলি জানিবলৈ দিছে সৌম্যদীপ দত্তই।

Your Comments