গুৱাহাটীত গড়কাপ্তানী বিভাগৰ পথ আৰু অট্টালিকা শাখাৰ আলোচনাচক্ৰ আৰু প্ৰদৰ্শনী সম্পন্ন

Pic

অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ পথ আৰু অট্টালিকা শাখাৰ দ্বাৰা অনুষ্ঠিত দুদিনীয়া আলোচনাচক্ৰ আৰু প্ৰদৰ্শনীৰ সোমবাৰে অন্ত পৰে৷চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনু্ষ্ঠিত এই দুদিনীয়া কাৰ্যসূচীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰিকৰী খণ্ডৰ লগত জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷১২৫ খন বিপনীয়ে অংশ লোৱা এই প্ৰদৰ্শনীত আধুনিক প্ৰযুক্তি তথা নিৰ্মাণৰ লগত জড়িত দেশী-বিদেশী প্ৰতিষ্ঠানে অংশ লয় ৷বিভাগটোৰ লগত জড়িত বিভিন্ন বিভাগৰ অভিযন্তাসকলে নিৰ্মাণ উদ্যোগৰ লগত জড়িত বিষয়ববীয়াৰ লগত মত বিনিময় কৰে৷

Pic

প্ৰতিখন আলোচনাচক্ৰই বিভাগটোৰ অভিযন্তাসকলক যথেষ্ট উপকৃত কৰা বুলি উল্লেখ কৰে সামৰণি অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে৷সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে বিভাগটোৰ অট্টালিকা শাখাৰ কাৰ্যবাহী অভিযন্তা চালেহ আহমেদ চৌধুৰীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে বিভাগটোৰ অট্টালিকা শাখাৰ মুখ্য অভিযন্তা জ্যোতিষ শৰ্মা,অট্টালিকা শাখাৰ মুখ্য অভিযন্তা শ্যামন্ত বেজবৰুৱা আৰু ৰাজ চক্ৰৱৰ্তী ৷অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰসিদ্ধ শিক্ষাবিদ তথা শিক্ষামন্ত্ৰীৰ উপদেষ্টা অধ্যাপক ডঃ মিহিৰ কুমাৰ চৌধুৰী ৷সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰাই৷

Your Comments