'মিছন স্মাইল'ৰ উদ্যোগত গুৱাহাটীত আৰ্তজনৰ মাজত কাপোৰ বিতৰণ

Pic

কেইগৰাকীমান অধ্যয়নৰত ছাত্র-ছাত্রীৰ চিন্তাৰ ফচল 'মিছন স্মাইল'।'মিছন স্মাইল' শীৰ্ষক এটা অভিযানৰ জৰিয়তে বিভিন্ন সামাজিক কাম কৰি অহা কেইগৰাকীমান ছাত্র-ছাত্রীয়ে ২৪ নৱেম্বৰ অৰ্থাৎ দেওবাৰে আৰ্তসকলৰ মাজত বিতৰণ কৰে গৰম কাপোৰ। উল্লেখ্যযোগ্য যে সামাজিক মাধ্যমৰ জড়িয়তে আহ্বান জনাই বিভিন্নজনৰ পৰা পুৰণি অথচ ব্যৱহাৰযোগ্য গৰম কাপোৰৰ লগতে অন্যান্য কাপোৰ সংগ্ৰহ কৰা হয়।সেই কাপোৰসমূহ বিতৰণ কৰা হয় আঠগাঁও ৰে'ললাইনৰ দুয়োপাৰে থকা বস্তি অঞ্চলৰ লগতে শুক্ৰেশ্বৰ মন্দিৰৰ পদপথত থকা আৰ্তসকলৰ মাজত।

Pic

পূব কামৰূপ মহাবিদ্যালয়ৰ প্ৰাক্তন তথা অধ্যয়নৰত ছাত্র-ছাত্রীসকলৰ এই অভিযানৰ অংশীদাৰ হয় মহাবিদ্যালয়খনৰ অধ্যাপক ক্ৰমে ড° কমল শৰ্মা,মঃ আয়েজ আলীৰ লগতে মহাবিদ্যালয়ৰ ছপাশালৰ কম্পিউটাৰ অপাৰেটৰ নিপজ্যোতি ডেকা। এই অভিযানটোত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে জোনাক প্ৰিয়ম কাশ্যপ,দীপশিখা ডেকা,নয়নমণি ডেকা,আমিনুল হক,জ্ঞানপ্ৰতীম দেৱ শৰ্মা,তৃষ্ণা বড়ো,মধুস্মিতা ডেকা,বৰষা ডেকা,চানচুমা বড়ো,প্ৰিয়ম ডেকা। নৱ প্ৰজন্মৰ ছাত্র-ছাত্রীসকলৰ এই প্ৰচেষ্টাই সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিছে।

Your Comments