একেৰাহে চাৰিখন টেষ্টত ইনিংছ ব্যৱধানত জয়লাভ কৰা ইতিহাসৰ প্ৰথমটো দল ভাৰতীয় পুৰুষ ক্ৰিকেট দল

Pic

একেৰাহে চাৰিখন টেষ্টত ইনিংছ ব্যৱধানত জয়লাভ কৰা ইতিহাসৰ প্ৰথমটো ক্ৰিকেট দল হিচাপে পৰিগণিত হৈছে ভাৰতীয় পুৰুষ ক্ৰিকেট দল।দেওবাৰে কলকাতাৰ ইডেন গাৰ্ডেনত দিবা-নৈশ টেষ্টত বাংলাদেশক এক ইনিংছ আৰু ৪৬ ৰাণত পৰাস্ত কৰাৰ লগে লগে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলে এই অসাধাৰণ অভিলেখ গঢ়ে।ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাক দুবাৰ আৰু বাংলাদেশক এবাৰ ইনিংছ ব্যৱধানত পৰাস্ত কৰিছে ভাৰতে।

Your Comments