গড়কাপ্তানি বিভাগৰ সৌজন্যত প্ৰদৰ্শনী তথা আলোচনাচক্ৰ অনুষ্ঠিত

Pic

গড়কাপ্তানি বিভাগৰ পথ আৰু অট্টালিকা নিৰ্মাণ শাখাৰ সৌজন্যত শনিবাৰৰে পৰা দুদিনীয়াকৈ অত্যাধুনিক প্ৰযুক্তি তথা নিৰ্মাণ সামগ্ৰী সম্পৰ্কীয় প্ৰদৰ্শনী আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছে।গুৱাহাটী চহৰৰ মাজমজিয়াত অৱস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই প্ৰদৰ্শনীত দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশৰো বহুসংখ্যক কোম্পানী,নিৰ্মাণ সংস্থা,নিৰ্মাণ উদ্যোগৰ লগত জড়িত প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে৷এই প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি ছয়খন আলোচনা চক্ৰ অনু্ষ্ঠিত হ’ব৷এই প্ৰদৰ্শনী তথা আলোচনাচক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷সন্মানীয় অতিথি হিচাবে উপস্থিত আছিল অসম চৰকাৰৰ গড়কাপ্তানি,স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা।দুদিনীয়া এই কাৰ্যসূচীৰ অংশ হিচাপে এখন স্মৰণিকা উন্মোচন কৰা হয়৷উন্মাোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিব বিত্ত,স্বাস্থ্য তথা গড়কাপ্তানি মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰৰ বিষয়বস্তুবোৰ সমসাময়িক সমস্যাৰ সমাধানৰ লগত জড়িত৷দেশৰ বিভিন্ন প্ৰান্তৰ অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে এই আলোচনাচক্ৰসমূহত অংশগ্ৰহণ কৰিব৷আধুনিক প্ৰযুক্তিৰে কেনে ধৰণেৰে পথ সুৰক্ষিত কৰিব পৰা যায়,আধুনিক নগৰ-চহৰবোৰক কেনেকৈ বিকল্প সংযোগী পথেৰে যানজঁটৰ পৰা মুক্ত কৰিব পাৰি,যিকোনো প্ৰকল্প নিৰ্মাণৰ সময়ত কেনেদৰে প্ৰজেক্ট মেনেজমেণ্টৰ নিয়মাৱলীয়ে সহায় কৰে বা কিয় এইবোৰ মানি চলা উচিত,নগৰ -চহৰত প্ৰাকৃতিকভাৱে থকা জলাশয়,নদী,হ্ৰদবোৰৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ জৰিয়তে প্ৰাকৃতিক ভাৰসাম্য অটুত ৰখাৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰা আদি সাম্প্ৰতিক সমাজ-জীৱনৰ লগত জড়িত বিষয়সমূহ আলোচনাচক্ৰৰ মূল বিষয় হিচাপে নিৰ্বাচন কৰা হৈছে।১২০ খন বিপণীয়ে অংশগ্ৰহণ কৰা প্ৰদৰ্শনীখনত নিৰ্মাণ খণ্ডৰ লগত জড়িত বিভিন্ন ব্যক্তি তথা সংস্থাৰ প্ৰতিনিধিৰ উপৰিও গড়কাপ্তানি বিভাগৰ লগত জড়িত বিষয়া-কৰ্মচাৰী-ঠিকাদাৰ-উদ্যোগী ব্যৱসায়ী আদিয়ে অংশ লয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গুৱাহাটীক দক্ষিণ-পূব এছিয়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ এটা থূলমূল আভাষ দাঙি ধৰে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ গড়কাপ্তানি বিভাগটোক ৮০ কোটি জনসংখ্যাৰ আগত জাকত জিলিকা হৈ কাম কৰাৰ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানটোত উপস্থিত থাকি স্বাস্থ্য, গড়কাপ্তানি আৰু বিত্ত বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযন্তাসকলক অধ্যয়নশীল হ'বলৈ আহ্বান জনোৱাৰ উপৰিও আধুনিক প্ৰযুক্তি তথা উন্নত মানৰ সামগ্ৰীৰ প্ৰয়োগেৰে সমগ্ৰ নিৰ্মাণ খণ্ডক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠত্বৰ শাৰীলৈ নিবলৈ আহ্বান জনায়।বিদেশৰ নিৰ্মাণ খণ্ডত ব্যৱহৃত সামগ্ৰী তথা প্ৰযুক্তি অসমতো প্ৰয়োগ কৰিব পৰাৰ পৰিৱেশ কেৱল গড়কাপ্তানি বিভাগৰ উচ্চশিক্ষিত অভিযন্তাসকলেহে ল'ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিখন আলোচনাচক্ৰত অভিযন্তাসকলক উপস্থিত থাকি মত বিনিময় বাধ্যতামূলক কৰাৰো পৰামৰ্শ তেওঁ প্ৰদান কৰে।

Your Comments