নলবাৰীৰ ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ৰ বঁটা বিতৰণী সভা

Pic

বৰভাগৰ পৰা সঞ্জয় দাসৰ প্ৰতিবেদন: নলবাৰী জিলাৰ ক্ষুদ্ৰবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ৰ ঊনবিংশসংখ্যক বিদ্যালয় সপ্তাহ আৰু বঁটা বিতৰণী সভাখন অলপতে অনুষ্ঠিত হয়।কাৰ্যসূচী অনুসৰী ১৪ নৱেম্বৰৰ পুৱা ৭ -৩০ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ত্রৈলোক্য বৰ্মনে । ৮ বজাত ছহিদ বেদীত বন্তি প্ৰজ্জ্বলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল কলিতাই।ইয়াৰ পিছত চিত্রাংকন প্ৰতিযোগিতা ,কবিতা আবৃত্তি প্ৰতিযোগিতা ,সংগীত প্ৰতিযোগিতা আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । ১৫ নৱেম্বৰত স্বচ্ছ ভাৰত অভিযান ,কুইজ প্ৰতিযোগিতা ,দিহানাম প্ৰতিযোগিতা , নাট প্ৰতিযোগিতা ,অভিভাৱকৰ বাৰেৰহনীয়া অনুষ্ঠান আৰু বিয়ানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।শেষৰ দিনা ১৬ নৱেম্বৰত পুৱা চাফাই অভিযান , ভেশচন প্ৰতিযোগিতাৰ পিছত দিনৰ ১১ বজাত অনুষ্ঠিত কৰা হয় মুকলি আৰু বঁটা বিতৰণী সভা।উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেন্দ্ৰ কলিতাই।উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়িগোগ বনভাগ বিআৰপি নগেন দাস ,দিহজাৰী-এ চি আৰ চি চি ৰঞ্জিত দাস , বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বনভাগখাটা দিহজাৰী হাইস্কুলৰ প্ৰধান শিক্ষক মহেশ বৰ্মা ।মুকলি আৰু বঁটা বিতৰণী সভাখনত বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুওৱা ছাত্ৰ -ছাত্ৰীসকলক পুৰস্কৃত কৰাৰ লগতে পুৰস্কাৰ লাভ নকৰা ছাত্ৰ-ছাত্ৰীসকলোকো উৎসাহিত কৰা হয় বুলি বিদ্যালয়খনৰ সহঃ শিক্ষক গৌতম গোস্বামীয়ে জানিবলৈ দিয়ে ।

Your Comments