মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মত বিনিময় সুধাকণ্ঠ পুত্ৰ তেজ হাজৰিকাৰ

Pic

ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাই  সোমবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মত বিনিময় কৰে।মুখ্যমন্ত্ৰীৰ সৈতে উক্ত মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী।

উল্লেখ্য যে উক্ত মত বিনিময় অনুষ্ঠানত তেজ হাজৰিকাই পিতৃ ডঃ ভূপেন হাজৰিকাৰ ৭৮টা কালজয়ী অসমীয়া গীতৰ ইংৰাজীলৈ কৰা অনুবাদৰ গ্ৰন্থ "Winged Horse" মুখ্যমন্ত্ৰী সোণোৱালক প্ৰদান কৰে।

ইফালে,মুখ্যমন্ত্ৰী সোণোৱালে সুধাকণ্ঠৰ সৃষ্টিৰাজি কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বাবেই অমূল্য সম্পদ বুলি উল্লেখ কৰে।তেজ হাজৰিকাৰ অনুৰোধ মৰ্মে সুধাকণ্ঠৰ বিস্তৃত কৰ্মৰাজিৰ প্ৰসাৰৰ দিশত 'ড° ভূপেন হাজৰিকা ফাউণ্ডেচন'ক অসম চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে সুধাকণ্ঠৰ হৈ দেশৰ ৰাষ্ট্ৰপতিৰ পৰা চলিত বর্ষতে ভাৰতৰত্ন গ্ৰহণ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে অসমলৈ আহিছে পুত্ৰ তেজ হাজৰিকা।ইয়াৰ পূৰ্বে ভাৰতৰত্ন গ্ৰহণ কৰি তেজ হাজৰিকা  অসমলৈ আহিছিল যদিও অসম চৰকাৰৰ সৈতে আনুষ্ঠানিকভাৱে যোগাযোগ হোৱা নাছিল।

Your Comments