নগাঁৱত বুজন পৰিমানৰ ড্ৰাগছসহ ব্যৱসায়ীক গ্ৰেপ্তাৰ

Pic

নগাঁও চহৰৰ সমীপৰ উৰিয়াগাঁৱত দেওবাৰে  গধূলি ইটাচালি আৰক্ষী আৰু নগাঁও যানবাহন আৰক্ষীয়ে যৌথভাৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ীজন হ'ল নগাঁও চহৰৰ হৰিজনপট্টিৰ পিন্টু পাল। জানিব পৰা মতে, পিন্টু পালে এ এছ ০১ এ বি ০৮৪৫  নম্বৰৰ মাৰুতি এল্ট' গাড়ীখনত কেইবাকাৰ্টুন ভৰ্তি বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী লৈ নগাঁও চহৰৰ পৰা পুৰণিগুদাম অভিমুখে গৈ থকা অৱস্থাত উৰিয়াগাঁও বাইপাচ চ'কত আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

Pic

সম্প্ৰতি ইটাচালি আৰক্ষীয়ে পিন্টু পালক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখাৰ লগতে তেওঁ ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰিছে।

 

Your Comments