উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

Pic

গুৱাহাটী মহানগৰীৰ ভৰলুমুখত থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত দেওবাৰে সমবেত হ'ল সহস্ৰাধিক লোক । চৰকাৰে নিজ খেয়াল-খুচিমতে উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ বাবে চলোৱা কাৰ্যকলাপক কঠোৰ ভাষাৰে সমালোচনা কৰিলে গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনে । প্ৰতিকূল বতৰকো নেওচি হাতত গছ, প্ৰকৃতি আৰু পক্ষীকুলৰ সুৰক্ষাৰ দাবীৰে বিভিন্ন শ্লোগানসম্বলিত বেনাৰ লৈ সকলোৱে হাতে-হাত ধৰি গঢ়িলে দীঘলীয়া মানৱ শৃংখল । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে স্বতঃস্ফুৰ্তভাৱে অংশ ল'লে প্ৰকৃতি সুৰক্ষাৰ এই অভিযানত । উল্লেখযোগ্য যে সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ ভৰলুমুখৰ সৈতে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰস্তাৱিত দলংখনৰ নিৰ্মাণৰ ফলত ভালেমান গছ কটাৰ আশংকা আছে । প্ৰস্তাৱিত দলংখনৰ বিতং প্ৰকল্প প্ৰতিবেদন অনুসৰি এই দলংখনৰ নিৰ্মাণৰ ফলত ভৰলুমুখৰ শংকৰদেৱ উদ্যান, আজানপীৰ উদ্যান আৰু মাছখোৱাৰ পৰা কালিপুৰলৈ বিস্তৃত সমগ্ৰ নৈপৰীয়া অঞ্চলটোৰ বৃহৎ ক্ষতি হ'ব । কিয়নো এই বৃহৎ অঞ্চলটোত থকা গছসমূহ নানা ধৰণৰ চৰাইৰ প্ৰজাতিৰ বাসস্থান ।তদুুপৰি,উদ্যানখন শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ অঞ্চলটোৰ লোকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ । আজি সমবেত হোৱা সচেতন লোকসকলে দলং নিৰ্মাণৰ বাবে নতুনকৈ নক্সা অংকণ কৰি হ'লেও এই বৃহৎ অঞ্চলটোৰ গছ-গছনি আৰু উদ্যানকেইখন সুৰক্ষিত কৰাৰ       বাবে দাবী জনাইছে।লগতে,চৰকাৰে সম্ভাব্য সমাধানৰ বাবে বিভিন্ন পাৰদৰ্শী ব্যক্তি, প্ৰতিষ্ঠানক সামৰি এখন কাৰিকৰী সমিতি গঠন কৰি নদীপাৰটোৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সমবেত লোকসকলে দাবী জনায়।

Your Comments