গোলাঘাটত অগ্নিদগ্ধ হৈ আইতা-নাতিনীৰ শোকাৱহ মৃত্যু

Pic

গোলাঘাটৰ প্ৰতিবেদক:

বৃহস্পতিবাৰে নিশা গোলাঘাট নগৰৰ জ্যোতিনগৰৰ ইটাখুলিত ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু হ'ল আইতাক ,নাতিনীৰ। জানিব পৰা মতে নিজৰ বাসগৃহৰ ভিতৰত  লগা জুইত আইতাক ৰেণু ভূঞা আৰু তিনিবছৰীয়া নাতিনী শেৱালী ভূঞাই ঘৰটোৰ লগতে জীৱন্তে  অগ্নিদগ্ধ হৈ শোকাৱহভাৱে মৃত্যুক সাৱটি লয়। মৃত ৰেণু ভূঞাৰ পুত্ৰ দেৱৰাজ ভূঞা আৰু বোৱাৰী প্ৰতিমা ভূঞা ঘৰত নথকা অৱস্থাত উক্ত দুুৰ্ঘটনাটো সংঘটিত হয়।জুইয়ে আৱৰি ধৰা ঘৰটোৰ পৰা আইতাক -নাতিনী ওলাই আহিব নোৱাৰাৰ বাবে এনেদৰে মৃত্যক সাৱটিব লগীয়া হয়। পুত্ৰ -বোৱাৰী ঘৰলৈ ঘূৰি অহাৰ পিছত ভস্মীভূত ঘৰটোৰ ভিতৰত মৃতদেহ দুটা উদ্ধাৰ হয়।  মাটিৰ চাকিৰ পৰা জুই বিয়পি পৰা বুলি ধাৰণা কৰা হৈছে যদিও অনুসন্ধানৰ পিছতহে সঠিক তথ্য লাভ কৰিব পৰা যাব।এই শোকাৱহ ঘটনাত শুকুৰবাৰে সমগ্ৰ গোলাঘাটত শোকৰ ছাঁ পৰিছে।

Your Comments