গড়পোট,সদৈকুছিৰ জগদ্ধাত্ৰী পূজাত অগনন ভক্তৰ সমাগম

Pic

বাহাৰঘাটৰ পৰা নৰেন শৰ্মাৰ প্ৰতিবেদন:

কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত গড়পোট,সদৈকুছিত যোৱা দুইৰ পৰা সাত নৱেম্বৰলৈ ৯৯ সংখ্যাক সাৰ্ব্বজনীন শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজা উলহমালহেৰে উদযাপন কৰে৷দুই নৱেম্বৰৰ পুৱা পতাকা উত্তোলনৰে আৰম্ভ কৰা ৯৯ সংখ্যক সাৰ্ব্বজনীন জগদ্ধাত্ৰী পূজাৰ প্ৰতিদিনে পুৱা উষা সংকীৰ্তন,দেৱী বন্দনা,আয়তী নাম,আবেলি ওজাপালি আদিৰ লগতে তিনি নৱেম্বৰৰ নিশা নাগাৰা নাম,চাৰি নৱেম্বৰৰ নিশা আধুনিক নৃত্য প্ৰতিযোগিতা,পাঁঁচ নৱেম্বৰৰ নিশা নাগাৰা নাম,ছয় নৱেম্বৰৰ নিশা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে৷

Pic

ইয়াৰোপৰি,পাঁঁচ নৱেম্বৰৰ দিনৰ ভাগত আয়তী নাম প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ উল্লেখযোগ্য যে অহা ২০২০ চনত উক্ত পূজাখনে শতবৰ্ষ উদযাপন কৰাৰ বাবে এইবেলিৰ পৰাই উদযাপন সমিতিয়ে সকলো অতিথিক আদৰণিপত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰিছে৷মনকৰিবলগীয়া যে এইবেলিৰ পূজাত অগনন ভক্তৰ লগতে বহুকেইজন ৰাজনৈতিক নেতা তথা সাংসদ,বিধায়কৰ সমাগম ঘটে৷

 

Your Comments