মহানগৰীৰ খোৱা পানীৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

Pic

গুৱাহাটী  মহানগৰবাসীক শীঘ্ৰে পৰ্যাপ্ত খোৱা পানী যোগানৰ লগতে বস্তি অঞ্চলত বসবাস কৰা জনসাধাৰণক প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত বাসস্থান নিশ্চিত কৰাৰ দাবীত মহানগৰ উন্নয়ন সমিতিৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা।অহা ১৩ নৱেম্বৰত মহানগৰীৰ  খ্ৰীষ্টীয়ান বস্তিত থকা গুৱাহাটী জল মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। এই কথা বৃহস্পতিবাৰে এক সংবাদমেলৰ জৰিয়তে ঘোষণা কৰে মহানগৰীৰ উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক ধীৰেণ শৰ্মাই। তেওঁ কয় যে গুৱাহাটীৰ পানীৰ সমস্যা সমাধান কৰাৰ বাবে ২০০৯ চনৰ ১৪ মাৰ্চৰ পৰা পৰ্যায়ক্ৰমে চাৰিটা বৃহৎ পানী যোগান আঁচনিৰ প্ৰকল্পৰ কাম আৰম্ভ কৰা হৈছিল।কিন্তু দুৰ্ভাগ্য যে বৰ্তমান সময়লৈকে প্ৰায় ৫৫ শতাংশ কামহে সম্পূৰ্ণ হৈছে প্ৰকল্পসমূহৰ।উল্লেখযোগ্য যে প্ৰকল্পসমূহৰ কাম আৰম্ভ হোৱা লগে লগে চৰকাৰে   কাম সময় নিৰ্ধাৰণ কৰিছিল।প্ৰথম আৰম্ভ হোৱা ১০৭ মিলিয়ন লিটাৰ ক্ষমতা সম্পন্ন দক্ষিণ-পশ্চিম পানী যোগান আঁচনি কাম ২০১৩ চনত সম্পন্ন কৰাৰ লক্ষ্য স্থিৰ কৰিছিল।

সেয়ে তেওঁলোকৰ দাবী অভিজ্ঞ, সুদক্ষ কাৰিকৰী তথা প্ৰশাসনিক বিষয়া,ৰাইজৰ প্ৰতিনিধিৰ দ্বাৰা জল বর্ড পুনৰ গঠন কৰি আঁচনিকেইখনৰ সময়সীমা খাটাং কৰক। দিল্লী জলবৰ্ডৰ আৰ্হিত প্ৰতি পৰিয়ালক মাহে ২০ হাজাৰ লিটাৰকৈ পানী যোগানৰ ব্যবস্থা কৰক।

ইয়াৰ উপৰিও ৰাজ্যৰ কেবিনেটে গ্ৰহণ কৰা নতুন ভূমিনীতি বাতিল কৰিবলৈ সমিতিয়ে  দাবী কৰে।

Your Comments