'আছু'ৰ প্ৰতিবাদত বণিয়াই বন্ধ কৰিছে শুৱালকুছিৰ নকল বস্ত্ৰৰ বিক্ৰী:উত্তৰ প্ৰদেশৰ মোবাৰকপুৰৰ বস্ত্ৰ উদ্যোগত মন্দাৱস্থা

শুৱালকুছিৰ পৰা মৃণাল ডেকা:

শুৱালকুছিৰ পাট-মুগাৰ কাপোৰৰ জনপ্ৰিয়তা আৰু উন্নত গুণগত মানৰ সুযোগ লৈ বহিঃৰাজ্যত শুৱালকুছিৰ কাপোৰৰ ডিজাইন নকল কৰি অতি কম মূল্যত কাপোৰৰ বজাৰত মেলি দি শুৱালকুছিৰ পাট কাপোৰ বুলি বিক্ৰী কৰি অহাৰ ফলত অসমৰ গ্ৰাহকসকল প্ৰৱঞ্চিত হৈ আহিছে।একাংশ বহিৰাগত বণিয়াই এনেদৰে শুৱালকুছিৰ বস্ত্ৰ বুলি  বিক্ৰী কৰাৰ ফলত শুৱালকুছিৰ বস্ত্ৰ শিল্প ক্ষতিগ্ৰস্ত হৈছে।শেহতীয়াভাৱে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছিৰ থলুৱা শিপিনীসকলৰ সহযোগত বহিঃৰাজ্যৰ পৰা শুৱালকুছিৰ নকল বস্ত্ৰ  বিক্ৰী বন্ধ কৰাৰ দাবীত প্ৰতিবাদ কৰিছিল ৷ ইয়াৰ পিছতেই  একাংশ বণিয়াই ছাত্ৰ সন্থা তথা ৰাইজৰ ৰোষত পৰাৰ ভয়ত যোৱা কিছুদিনৰ পৰা শুৱালকুছিৰ আৰ্হিৰ নকল বস্ত্ৰৰ ব্যৱসায় বন্ধ ৰাখিছে ৷ এনেধৰণৰ বস্ত্ৰৰ ব্যৱসায় কমি অহাত মোবাৰকপুৰৰ কাপোৰৰ উদ্যোগত প্ৰত্যক্ষ প্ৰভাৱ পৰাৰ বাতৰি আহিছে 'চিআইবি নিউজ' নামৰ এটা  ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচাৰ মাধ্যমৰ এটা প্ৰতিবেদনত ৷ চিআইবি নিউজৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি  বৰ্তমান অসমত এই সমূহ নকল কাপোৰৰ ব্যৱসায় কমি অহাত মন্দাৱস্থাৰ সৃষ্টি হৈছে মোবাৰকপুৰ বস্ত্ৰ উদ্যোগত ৷ এই প্ৰতিবেদনে সঁচা বুলি প্ৰমাণিত কৰিছে যে ইমানদিনে বহিঃৰাজ্যৰ কাপোৰ শুৱালকুছিত উৎপাদিত বস্ত্ৰ বুলি অসমৰ বিভিন্ন ঠাইত বিক্ৰী কৰি আহিছে। এই ক্ষেত্ৰত শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাই শুৱালকুছিৰ থলুৱা শিপিনীসকলক লৈ সজাগতা সৃষ্টি কৰিব বুলি শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দিপাংকৰ শৰ্মাই জানিবলৈ দিয়ে৷

Your Comments