স্থানীয় বাতৰি

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ: সদৌ অসম ছাত্ৰ সন্থাৰ প্রাক্তন কেন্দ্রীয় সাধাৰণ সম্পাদক তথা বৰপেটা ৰোডৰ 'সাৰথি গেছ এজেন্সি'ৰ স্বত্বাধিকাৰী,বিশিষ্ট সমাজকর্মী শশধৰ কাকতিৰ বিয়োগ।দীর্ঘদিন ধৰি অসুস্থ হৈ থকা কাকতিয়ে বৃহস্পতিবাৰে নিশা ১০.৩০ বজাত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে । আত্মীয়-স্বজনৰ আপ্ৰাণ চেষ্টাৰ আৰু চিকিৎসকৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিচতাে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় একালৰ শক্তিশালী ছাত্রনেতাগৰাকী । উল্লেখযােগ্য যে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হােৱাৰ পিচতে ১৯৮৫ চনত লখিমপুৰত অনুষ্ঠিত ছাত্ৰ সন্থাৰ অধিৱেশনত ভূগু কুমাৰ ফুকনৰ উত্তৰসূৰী হৈ শশধৰ