'বৰ্ণমালা কাব্যগোষ্ঠী'ৰ কাব্যচ'ৰা অনুষ্ঠান সম্পন্ন

poet

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত গুৱাহাটী পাঞ্জাবাৰীৰ 'বৰ্ণমালা কাব্যগোষ্ঠী'ৰ চলিত আগষ্ট মাহৰ বৈঠক আৰু কাব্যচ'ৰা অনুষ্ঠানটো যোৱা ১১ আগষ্টত সম্পাদক শিখা বেজবৰুৱা গোস্বামীৰ জুৰিপাৰস্থ  বাসগৃহত অনুষ্ঠিত হয়।বৰ্ণমালা গোষ্ঠীৰ সহ-সম্পাদক ডঃ সুৰঞ্জনা কলিতাই আঁত ধৰা তথা গোষ্ঠীৰ স্থায়ী সভাপতি অতুল তামুলীয়ে সভাপতিত্ব কৰা বৈঠকখনত গোষ্ঠীৰ উপ-সভাপতি ডঃ কৃষ্ণ বণিয়া,বিশিষ্ট সমাজকৰ্মী লক্ষেশ্বৰ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।ড:কৃষ্ণ বণিয়াৰ স্বৰচিত কবিতা পাঠেৰে  শুভাৰম্ভ কৰা কাব্যচ'ৰা অনুষ্ঠানত স্বৰচিত কবিতা পাঠ কৰে ক্ৰমে কবি প্ৰভাত বৰদলৈ(পানীগছাৰ দুখ),বদন দাস(মন্দোদৰী),নিবেদিতা হাজৰিকা(বেৰ),তাছৰিণ আৰা ৰহমান(কোন তুমি),হীৰামণি শৰ্মা উপমন্যু(ৰ'দ),বিক্ৰম সিং য়েইন(সপোনৰ ৰাজকুমাৰী),স্বপ্নাময়ী শৰ্মা ৰায়মেধি(স্বাধীনতা),যোগেন্দ্ৰ কুমাৰ কলিতা(অৰ্ন্তদৃষ্টি),কৰৱী তালুকদাৰ(বৃক্ষ), জগদীশ ৰায়মেধি(নায়কৰ সন্ধানত)য়ে।শিখা বেজবৰুৱা গোস্বামীৰ এটা কবিতা(প্ৰাণময় সুৰৰ গুঞ্জন)পাঠ কৰে পংকজ গোস্বামীয়ে।কবি-অনুবাদক অতুল তামুলীয়ে কবি ইনু লেয়েনুৰ 'প্ৰশান্তি' আৰু 'নৈশ দৃশ্য' শীৰ্ষক দুটা কবিতাৰ অনুবাদ পাঠ কৰে।
       

কাব্যচ'ৰাত কবিতা সম্পৰ্কে সাৰুৱা বক্তব্য আগবঢ়ায় ড:পাৰুল গোস্বামীয়ে।লক্ষেশ্বৰ হাজৰিকাই কাব্য সাহিত্যৰ সৃষ্টিৰ সম্পৰ্কে দুৱাষাৰ কয়। লগতে অসমীয়া ভাষাত শব্দ গাঁঠনি,বৰ্ণোশুদ্ধি,যতি চিহ্ন, শব্দ প্ৰয়োগ আদিৰ বিষয়ে এটা পৰ্যালোচনাত্মক বক্তব্য আগবঢ়াই।ড:সুৰঞ্জনা কলিতাই জ্ঞানপীঠ বিজয়িনী মামনি ৰয়চম গোস্বামীৰ 'ভূপেনদা তুমি অবিহনে মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰো' শীৰ্ষক কবিতাটোৰ সাৱলীল আবৃত্তি কৰে।ইয়াৰ পিছত কবি বেবীৰাজ ৰাজখোৱাই এটি স্বৰচিত কবিতা(সমান্তৰাল)পাঠ কৰে আৰু লগতে অনুষ্ঠানত পাঠ কৰা কবিতাসমূহৰ তাৎক্ষণিক তথা তাৎপৰ্যপূৰ্ণ পৰ্যালোচনা দাঙি ধৰে। 


সভাপতি অতুল তামুলীয়ে কবিতা সম্পৰ্কে দুআষাৰ কৈ সকলোলৈ শলাগৰ শৰাই আগবঢ়ায়।'সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে,সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে' কাব্যমন্ত্ৰ পাঠেৰে অনুষ্ঠানৰ সফল সামৰণি পৰে।

Your Comments