৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন:কামৰূপ জিলা প্ৰশাসন একাদশ আৰু কামৰূপ জিলা সাংবাদিক একাদশৰ মাজত প্ৰীতি ফুটবল খেল

fb

৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত ১৫ আগষ্টত এখন প্ৰীতি ফুটবল খেলৰ অনুষ্ঠিত কৰা হয়।কামৰূপ জিলা প্ৰশাসন একাদশ আৰু কামৰূপ জিলা সাংবাদিক একাদশৰ মাজত উক্ত প্ৰীতি ফুটবল খেলখন অনুষ্ঠিত কৰা হয়।খেলখনত কামৰূপ জিলা প্ৰশাসন একাদশে ৩-২ গলত জয় লাভ কৰে।খেলখনৰ উদ্বোধন কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই।

fb
খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে জিলা প্ৰশাসনৰ লুতুৰাজ বসুমতাৰীয়ে।বিজয়ী দলৰ হৈ বঁটা গ্ৰহণ কৰে  জিলা প্ৰশাসন একাদশৰ  অধিনায়ক তথা জিলা অতিৰিক্ত উপায়ুক্ত  মুনীন্দ্ৰ নাথ ঙাটেয়ে।জিলা প্ৰশাসনৰ হৈ লুতুৰাজ বসুমতাৰীয়ে ২ টা,মুমিন মাৰাকে ১টা  আৰু ‍সাংবাদিক একাদশৰ হৈ অধিনায়ক কৌশিক দাসে ১ টা,মুনীন্দ্ৰ কলিতাই ১ টা গ'ল দিয়ে।

Your Comments