সীতাজখলাৰ ধৰ্মঘটলৈ পূৰ্ণ সমৰ্থন অসম সংগ্ৰামী মঞ্চৰ

dharma

"অসমত ইতিমধ্যেই আৰম্ভ হোৱা দুগ্ধ উৎপাদন তথা শ্বেত বিপ্লৱৰ কাৰ্য্যসূচীক বাধা দিয়াৰ বাবে এচাম অপশক্তি সক্ৰিয় হৈ পৰিছে।" এই অভিযোগ অসম সংগ্ৰামী মঞ্চৰ । সমগ্র অসমত দুদ্ধ উৎপাদনৰ ক্ষেত্ৰখনত হাজাৰ হাজাৰ লোক জড়িত হৈ পৰাত পূৰবী ডেইৰীৰ সহযোগত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন নিগমে আগ্ৰাসী নীতি গ্ৰহণ কৰাত অসম সংগ্ৰামী মঞ্চই তীব্ৰ ভাষাৰে প্ৰতিবাদ জনায় । মঞ্চৰ নেতৃবৰ্গ‌ই স্পষ্ট কৰি দিয়ে যে পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘৰ নামত ৰাজ্যখনৰ সকলো দুগ্ধ পালক আৰু সমবায় সমিতি সমূহৰ ওপৰত হস্তক্ষেপ কৰিব বিচৰা ব্যৱস্থা কেতিয়াও গ্ৰহন যোগ্য নহয়। এনে আগ্ৰাসী নীতিৰ প্ৰতিবাদত সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ আহ্বানত আৰম্ভ হোৱা চিন্তন ধৰ্মঘটলৈ অসম সংগ্ৰামী মঞই পূৰ্ণ সমৰ্থন আগবঢ়াইছে । পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ (WAMUL)ক অসম সমবায় আইনৰ আধাৰত অসমৰ ভিতৰৰপৰা পৰিচালনা কৰাৰ ব্যৱস্থা কৰিবলৈ সংগ্ৰামী মঞই সোণোৱাল চৰকাৰক দাবী জনায়।

Your Comments