পাকিস্তানৰ ওপৰত আমেৰিকাৰ আঘাত:কৰ্তন কৰিলে বৃহৎ পৰিমাণৰ আৰ্থিক সাহায্য

trump

আমেৰিকা আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক ক্ৰমশঃ অধিক তিক্ততাপূৰ্ণ হৈ পৰিছে।তাৰ প্ৰমাণ একেবাৰে শেহতীয়াকৈ পোৱা গ'ল আমেৰিকাই পাকিস্তানক প্ৰদান কৰিব লগীয়া বিত্তীয় সাহায্যৰ বৃহৎ পৰিমাণৰ কৰ্তন কৰাটো।আমেৰিকাই পাকিস্তানক ২০০৯ চনৰ 'কেৰী লুগৰ বৰ্মন অধিনিয়ম'ৰ অধীনত প্ৰদান কৰিব লগীয়া বিত্তীয় সাহায্যৰ ৪৪ কোটি ডলাৰ কৰ্তন কৰিছে।

 

উল্লেখ্য যে পাকিস্তানৰ জল আৰু শক্তি খণ্ডৰ সংকট দূৰ কৰিবলৈ আমেৰিকাই উল্লিখিত অধিনিয়মৰ অধীনত দেশখনক বিগত বৰ্ষবোৰত আৰ্থিক সাহায্য প্ৰদান কৰি আছিল।এই বিষয়ে ইমৰান খনৰ আমেৰিকা ভ্ৰমণৰ পূৰ্বেই ইছলামাবাদক জনাই দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰই।ইতিমধ্যে, গভীৰ অৰ্থনৈতিক সংকটৰ মাজত থকা পাকিস্তানক আমেৰিকাৰ উক্ত সিদ্ধান্তই নিশ্চয় অধিক সংকটৰ মাজলৈ ঠেলি দিব।

Your Comments