'ৰাজগড় পূবেৰুণ সংঘ'ৰ মেধাৱী বিদ্যাৰ্থীক সম্বৰ্ধনা

puberun sangha

নিউজ ডেস্ক :

গুৱাহাটীৰ অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা 'ৰাজগড় পূবেৰুণ সংঘ'ই অলপতে ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে।বিদ্যালয়খনৰ  সহযোগত বিদ্যালয়খনৰে প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সম্বৰ্ধনা সভাখনত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত  ইংৰাজী বিষয়ত বিদ্যালয়খনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰা মেধাৱী ছাত্ৰী আস্মিনা বেগমক সম্বৰ্ধনা জনোৱা হয়।

rajgarhস্বেচ্ছাসেৱী সংগঠন পুৱেৰণ সংঘই ছাত্ৰীগৰাকীক এখন ফুলাম গামোচা আৰু  নগদ ৫ হাজাৰ টকাৰে সম্বৰ্ধনা জনায়।ৰাজগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতা আয়েংগিয়াই পৌৰোহিত্য কৰা সভাখনত ৰাজগড় পূবেৰুণ সংঘৰ সভানেত্ৰী চন্দ্ৰা ডেকাই উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে।লগতে বক্তব্য আগবঢ়াই সংঘৰ শোভা বৰুৱা,দীপিকা গোস্বামীয়ে।ইফালে বিদ্যালয়খনৰ শুভস্মৃতি দত্ত,কল্যাণী মিশ্ৰ, দীপ্তি হাজৰিকা আদিকে ধৰি প্ৰায় সকলো শিক্ষক কৰ্মচাৰী উপস্থিত থকা সভাখনত সম্বৰ্ধিত আস্মিনা বেগমৰ মাতৃয়েও পুৱেৰণ সংঘক কৃতজ্ঞতা জনাই ধন্যবাদ সূচক এক ব্যক্তব্য ৰাখে।rajgarh3

বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য প্ৰদৰ্শনেৰে সমগ্ৰ অনুষ্ঠানটোৰ সামৰণি ঘোষণা কৰা হয়।উল্লেখ্য যে সমগ্ৰ গুৱাহাটী মহানগৰীৰ ভিতৰতে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত এক অন্যতম পুৰণি আৰু অতি সক্ৰিয় ৰাজহুৱা অনুষ্ঠান এই "পুৱেৰণ সংঘ"ই বিগত সময়চোৱাত বিহু পূজা আদি উৎসৱ বিশেষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি সমগ্ৰ ৰাজগড় অঞ্চলৰ লগতে বৃহত্তৰ চান্দমাৰী অঞ্চলৰ ৰাইজৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Your Comments

Related Articles