নগাঁৱত তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ

nagaon

সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো ১৩ আগষ্টৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ দিহা কৰা হৈছে । সেই অনুসৰি ১৩ আগষ্টৰ পুৱা নগাঁও চহৰত স্বচ্ছ ভাৰত অভিযানৰ অধীনত নগাঁও চহৰৰ কেইবাটাও স্থানত জিলা প্ৰশাসনে চাফাই অভিযান চলায়। পুৱা ১১ বজাত নগাঁও শ্বহীদ ভৱন চৌহদত বৃক্ষ ৰোপন আৰু গছপুলি বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা উপায়ুক্ত যাদৱ শইকীয়াই। দুপৰীয়া নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় আৰু ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।সন্ধিয়া নগাঁও কলেজত দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 


আজি দ্বিতীয় দিনা  পুৱা সমূহীয়া দৌৰ অনুষ্ঠিত হোৱাৰ পিছত এডিপি কলেজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।১৫ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।ইফালে,শ্ৰীশ্ৰীবটদ্ৰৱা থানত জিলা প্ৰশাসনৰ উদ্যোগত আৰু থান পৰিচালনা সমিতিৰ সহযোগত, কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কলিয়াবৰত, লগতে জিলা খনৰ চামগুৰি, ৰূপহী, ধিং, ৰহা, কামপুৰতো সংশ্লিষ্ট ৰাজহ চক্ৰৰ উদ্যোগত তিনিদিনিয়াকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ হৈছে। 


আনহাতে, নগাঁও আৰক্ষীয়ে নৱম অসম আৰক্ষী বাহিনীৰ সহযোগত নগাঁও চহৰত তিনিদিনীয়াকৈ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে সমূহীয়া দৌৰৰ কাৰ্যসূচী ৰূপায়ণ কৰে । নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰি, বৰঘাট বাইপাছ আৰু নগাঁও আৰক্ষী নিৱেশৰ পৰা তিনিটা ভাগত বিভক্ত হৈ নগাঁও চহৰৰ নগাঁও পইন্টৰ ওচৰত সমূহীয়া দৌৰৰ সামৰণি মাৰে।এই সমূহীয়া দৌৰত নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি,নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক ৰাজমোহন ৰায়, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ'জি কলিতা,উপ আৰক্ষী অধীক্ষক মানস শইকীয়া নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰী,যানবাহন আৰক্ষী বিষয়া হানান লস্কৰকে ধৰি জিলাখনৰ আৰক্ষী বিষয়া- কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে।

Your Comments