কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ ৭৫ টা দিন পূৰ্ণ:পূৰ্বে গ্ৰহণ কৰিবলৈ কঠিন বুলি ভবা সিদ্ধান্তসমূহৰ বাস্তৱ ৰূপায়ণ কৰিলোঁ-প্ৰধানমন্ত্ৰী

modi

কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ ৭৫ টা দিন পূৰ্ণ হ'ল।এই উপলক্ষে দিয়া এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে এসময়ত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰাটো কঠিন যেন অনুভৱ হৈছিল, আমি এই ৭৫ টা দিনৰ ভিতৰত তেনে সিদ্ধান্তসমূহৰ বাস্তৱ ৰূপায়ণ কৰিলোঁ।এই ৭৫ টা দিনত জলশক্তি মন্ত্ৰণালয় গঠন,চন্দ্ৰ যান-২ উৎক্ষেপন,তিনি তালাক নিষিদ্ধকৰণ,জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ আঁতৰোৱাৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।


যিসকল লোকে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ বিৰোধিতা কৰিছে,তেওঁলোকৰ হৃদয় সন্ত্ৰাসবাদীৰ পক্ষত আছে বুলি প্ৰধানমন্ত্ৰী মোডীয়ে মন্তব্য কৰে।

Your Comments