আৰ্থিক দেউলীয়া অৱস্থাৰ দিশলৈ পাকিস্তান:শীঘ্ৰেই হ'ব পাৰে 'ব্লেক লিষ্টেড'

imran

জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত হিতাহিত জ্ঞান হেৰুৱাই ভাৰত বিৰোধী প্ৰচাৰত অহৰ্নিশে লিপ্ত হোৱা পাকিস্তান এতিয়া অধিক গুৰুতৰ বিত্তীয় সংকটৰ মাজলৈ।বৰ্তমান পাকিস্তানৰ হাতত মাত্ৰ দুটা মাহৰ আমদানিৰ বাবেহে বিদেশী মুদ্ৰা আছে।

 

আনহাতে,আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংস্থা 'এফএটিএফ' -এ পাকিস্তানক 'ব্লেক লিষ্টেড' কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।যদি পাকিস্তান ব্লেক লিষ্টেড হয়,তেন্তে বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় বিত্তীয় সংস্থাৰ পৰা পাকিস্তানে ঋণ লাভ কৰাটো কঠিন হৈ পৰিব।এনেদৰেই এটা অন্ধকাৰ ভৱিষ্যতৰ মুখলৈ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তান।

Your Comments