সোণোৱাল চৰকাৰৰ ২৪ ঘণ্টাৰ বিদ্যুৎ যোগানৰ শ্লোগান ওলোটাই ২৪ ঘন্টাৰ বিদ্যুৎ কৰ্তনৰ দিশত গতি কৰিছে-'অসম'ৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকন

sir

নিউজ ডেস্ক:
ক'ত হেৰাল সোণোৱাল চৰকাৰৰ ২৪ ঘন্টাৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি?এই প্ৰশ্ন উথাপন কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ অসম সংগ্ৰামী মঞ্চ(অসম)।যোৱা কেইবাদিনো ধৰি প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ অসমৰ ৰাইজক।এই সময়ত সঘনাই লোড শ্বেডিঙৰ সমস্যাই জুৰুলা কৰিছে সাধাৰণ ৰাইজক।তাৰ পিছতো কোনো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগৰ। 
বৃহস্পতিবাৰে গুৱাহাটীৰ  লক্ষ্মীনাথ ফুকন মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে অসম সংগ্ৰামী মঞ্চৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে।সংবাদমেলত ফুকনে কয় যে সোণোৱাল চৰকাৰৰ ২৪ ঘন্টাৰ বিদ্যুৎ যোগানৰ শ্লোগান ওলোটাই ২৪ ঘন্টাৰ বিদ্যুৎ কৰ্তনৰ দিশে এতিয়া গতি কৰিছে। এটা বিভাগ, তিনিটা কোম্পানী, এজন মন্ত্ৰী, এজন অধ্যক্ষ, তিনিজন পৰিচালক সঞ্চালক,বাৰগৰাকী মুখ্য অভিযন্তা থকা এটা  বিয়াগোম বিভাগত যোৱা ১৮ বছৰে চৰকাৰে কেৱল দুটাই কাম কৰিছে,সেয়া হৈছে ৰাজনীতি আৰু দুৰ্নীতি।

ইয়াৰ উপৰিও তেওঁ কয় যে দিশপুৰৰ বৰমূৰীয়াসকলে শীত-তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই থকাৰ বাবেই সাধাৰণ জনতাৰ যন্ত্ৰনা বুজি পোৱাত অসুবিধা হৈছে।
 
সংবাদমেলত বিভাগটোৰ ১৮ বছৰীয়া তথ্য দাঙি ধৰি ফুকনে কয়-ৰাজ্য চৰকাৰে যোৱা ১৮ টা বছৰত বিদ্যুৎ উৎপাদনত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই। ২০১৮ত ৰাজ্যত বিদ্যুৎ গ্ৰাহক আছিল ৪১ লাখ।২০১৯ লৈ ৫৭ লাখলৈ বৃদ্ধি কৰা হ'ল। পুনৰ সৌভাগ্য আঁচনিৰ নামত ১৬ লাখ গ্ৰাহক বৃদ্ধি কৰা হ'ল। কিন্তু বিদ্যুৎ ক'ত?১৮সংখ্যক বিদ্যুৎ সমীক্ষা মতে, অসমত বিদ্যুৎ প্ৰয়োজন ২২২২ মেগাৱাট । কিন্তু অসমত উৎপাদন হয় ২৫০ মেগাৱাটতকৈ কম বিদ্যুৎ।ৰাজ্যৰ প্ৰয়োজনীয় বিদ্যুতৰ ৬০ শতাংশ নিজস্ব হ'ব লাগে যদিও অসমৰ নিজস্ব উৎপাদন ১৫ শতাংশহে মাত্ৰ । বাকী বিদ্যুৎ কেন্দ্ৰীয় শক্তি খণ্ডৰ পৰা ক্ৰয় কৰিবলগীয়া হয় বুলি তেওঁ সংবাদমেলত  জানিবলৈ দিয়ে।

সংবাদমেলৰ যোগেদি 'অসম সংগ্ৰামী মঞ্চ'ৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে বিদ্যুৎ খণ্ডৰ উন্নতিৰ বাবে প্ৰয়োজনীয় দায়িত্ব পালন কৰিবৰ বাবে বিদ্যুৎ বিভাগটোক আহ্বান জনায়।

Your Comments