পৰিস্থিতি স্বাভাৱিক হ'লেই জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব-প্ৰধানমন্ত্ৰী মোডী

modi

নিউজ ডেস্ক:
জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা আৰু জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে গঠন কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বক্তব্য প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অনুচ্ছেদ ৩৭০ আৰু ৩৫-এ ই জম্মু-কাশ্মীৰক বিচ্ছিন্নতাবাদ,সন্ত্ৰাসবাদ,পৰিয়ালতন্ত্ৰ,দুৰ্নীতি-অনিয়ম দিয়াৰ বাহিৰে একো দিয়া নাছিল।পাকিস্তানে নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে ইয়াক ব্যৱহাৰ কৰিছিল।এতিয়া জম্মু-কাশ্মীৰৰ বিকাশৰ বাধা দূৰ হ'ল।আন এটা কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰো দ্ৰুত বিকাশ সম্ভৱপৰ হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।


প্ৰধানমন্ত্ৰী মোডীয়ে এই কথাটোও স্পষ্টভাৱে উল্লেখ কৰে যে অস্থায়ীভাৱেহে জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত প্ৰদেশ হিচাপে গঠন কৰা হৈছে।পৰিস্থিতি উন্নত হ'লেই জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হ'ব।জম্মু-কাশ্মীৰত শীঘ্ৰে বিধানসভা নিৰ্বাচন হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে স্পষ্টভাৱে কয়।

Your Comments