স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সংবাদমেল

dc

আগন্তুক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেল সম্বোধন কৰে।সংবাদমেল সম্বোধন কৰি তেওঁ কয়-'এইবাৰ স্বাধীনতা দিৱস তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।১৩ আগষ্টৰ দিনা ৰূপায়ণ কৰা হ'ব স্বচ্ছ ভাৰত অভিযান। ইয়াৰ অন্তৰ্গত মহানগৰীৰ মাজমজিয়াত থকা মূৰ্তিসমূহৰ পেইণ্টিং,উদ্যান পৰিষ্কাৰ কৰিব।তাৰ লগতে সেইদিনা গছপুলি ৰোপণৰ ব্যৱস্থাও থাকিব।ৰচনা,বক্তৃতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।ৰচনা আৰু বক্তৃতাৰ বিষয় 'The mahatma'।এই ৰচনা আৰু বক্তৃতা প্ৰতিযোগিতা  বিদ্যালয়-মহাবিদ্যালয়সমূহত অনুষ্ঠিত কৰা হ'ব।ইয়াৰ পুৰস্কাৰসমূহ প্ৰথম ১০ হাজাৰ দ্বিতীয় ৭৫০০ আৰু তৃতীয় ৫০০০ টকা।সন্ধিয়াৰ সময়ত 'স্বদেশ প্রেমমূলক গীত আৰু নাটক প্ৰতিযোগিতা'অনুষ্ঠিত হ'ব।'

আকৌ ১৪ আগষ্টৰ দিনা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।ইয়াৰ বিষয় হ'ব 'স্বাধীনতা সংগ্ৰাম'।সেইদিনাই ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আৰু যান-বাহনৰ যানজঁটৰ বিৰুদ্ধে সজাগতা অভিযানো চলোৱা হ'ব।

১৫ আগষ্টত খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব 'স্বাধীনতা দিৱস'ৰ। বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাও সহযোগিতা আশা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। 

১৫ আগষ্টৰ দিনা খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত স্বাধীনতা সংগ্ৰামীসকলক সম্বৰ্ধনা জনোৱা হ'ব।লগতে,পুলিচ মেডেল, বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ'ব।প্ৰচণ্ড গৰমৰ বাবে এইবাৰ শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱসৰ পেৰেডত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলিও উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। 

আনহাতে,স্বাধীনতা দিৱসৰ দিনা হলসমূহত  ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ দেশভক্তিমূলক চিনেমা দেখুওৱাৰ ব্যৱস্থা কৰা হ'ব । ইয়াৰ বাবে ইতিমধ্যে চিনেমা হলৰ কৰ্তৃপক্ষৰ সৈতে  কামৰূপ মহানগৰ জিলা প্ৰশাসনে আলোচনা কৰিছে বুলিও উপায়ুক্ত বিশ্বজিৎ পেগুৱে জানিবলৈ দিয়ে ।

Your Comments