পাকিস্তানী 'এফ ১৬' ধ্বংসকাৰী অভিনন্দন বৰ্ধমান সন্মানিত হ'ব পাৰে 'বীৰ চক্ৰ'ৰে

abhi

পাকিস্তানৰ 'এফ-১৬' যুঁজাৰু বিমান ধ্বংস কৰা ভাৰতীয় পাইলট অভিনন্দন বৰ্ধমানক সন্মানিত কৰা হ'ব পাৰে 'বীৰ চক্ৰ'ৰে।পৰমবীৰ চক্ৰ,মহাবীৰ চক্ৰৰ পিছত বীৰ চক্ৰ হৈছে তৃতীয় সৰ্বশ্ৰেষ্ঠ সৈন্য পুৰস্কাৰ।আনহাতে,পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদীৰ ঘাটীত আক্ৰমণ চলোৱা ভাৰতীয় যুঁজাৰু বিমানৰ চালককো সন্মানিত কৰা হ'ব পাৰে বায়ু সেনা মেডেলেৰে।

উল্লেখ্য যে বালাকোটোত সন্ত্ৰাসবাদীৰ ঘাটীত ভাৰতীয় যুঁজাৰু বিমানে আক্ৰমণ কৰাৰ পিছত ভাৰতীয় বায়ুক্ষেত্ৰত অনুপ্ৰৱেশ কৰা পাকিস্তানৰ 'এফ ১৬' বিমানক ধ্বংস কৰিছিল অভিনন্দন বৰ্ধমানৰ 'মিগ ২১'-এ।

Your Comments