নগাঁও আৰক্ষীৰ সাফল্যঃঅস্ত্ৰসহ দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ

rhino

নগাঁও আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই ধিঙৰ খৈৰাবাৰীৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ এটা দুৰ্ধৰ্ষ গঁড়ৰ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰীটোৰ নাম ওৱাহাব আলী( ৪২)। আৰক্ষী সুত্ৰে জনোৱা মতে, নগাঁও আৰক্ষীয়ে এপষেক পূৰ্বে দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ উদ্দেশ্যেৰে অস্ত্ৰ -শস্ত্ৰৰে সু-সজ্জিত এটা দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰাৰ এক গোপন খবৰ লাভ কৰিছিল। এই গোপন খবৰৰ ভিত্তিতেই নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধিয়ে আৰক্ষীৰ দুজন উচ্চ পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত এটা অভিযানকাৰী গোট গঠন কৰে।সেই অনুসৰি নগাঁও উপ আৰক্ষী অধীক্ষক(সদৰ) মানস শ‌ইকীয়া আৰু উপ আৰক্ষী অধীক্ষক(বিশেষ শাখা)জন দাসে বিশেয তৎপৰতা অব্যাহত ৰাখিছিল।  

 

সেই অনুসৰি কালি নিশা প্ৰায় ৭ বজাত স্থানীয় ধিং আৰক্ষীৰ সহযোগত যোৱা অভিযানকাৰী আৰক্ষীৰ দলটোৱে অভিযান চলাই ধিঙৰ সমীপৰ খৈৰামাৰীৰ পৰা চোৰাং চিকাৰী ওৱাহাব আলীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা এটা পইন্ট থ্ৰী নট থ্ৰী ৰাইফল, এটা পইন্ট থ্ৰী নট থ্ৰী মেগজিন আৰু তিনিজাই সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয়।তদুপৰি, ধৃত আলীৰ পৰা বহু  আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰে। 

 

সম্প্ৰতি আৰক্ষীয়ে দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোক আদালতৰ পৰা নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে।উল্লেখ্য যে ইতিপূৰ্বেও আলী অস্ত্ৰ সৰবৰাহকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ অভিযোগ আছে।

Your Comments