কলিয়াবৰৰ বৰঘূলিত ৰিং বান্ধ খহাই নিলে ব্ৰহ্মপুত্ৰৰ খহনীয়াই:শ শ পৰিয়াল আক্রান্ত

asn

ব্ৰহ্মপুত্ৰৰ বিধ্বংসী গৰাখহনীয়াৰ তাণ্ডৱ চলিছে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘূলিত।এই প্ৰতিৰোধবিহীন গৰাখহনীয়াৰ কবলত পৰা বৰঘূলিৰ একমাত্ৰ ৰিং বান্ধ তথা কৃষি বান্ধটো ৰক্ষা কৰিবলৈ ৰাজ্যৰ জলসম্পদ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰিং  বান্ধটোৰ প্ৰায় দুশ মিটাৰ দৈৰ্ঘ্যৰ এক বৃহৎ অংশ ইতিমধ্যে খহাই লৈ গৈছে লুইতে।ইয়াৰ ফলত ২ নম্বৰ বৰঘূলি,৩ নম্বৰ বৰঘূলিকে প্ৰমুখ্যে কৰি দহখনৰো অধিক গাঁৱৰ ৰাইজৰ মাজত বিৰাজ কৰিছে এক আতংকময় পৰিৱেশ।কলিয়াবৰ মহকুমা প্ৰশাসনে খহনীয়াস্থলীত ইতিমধ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়ন কৰিছে।


বৰঘূলিত কৃষি বান্ধটোৰ বৃহৎ অংশক মঙলবাৰে লুইতৰ বিধ্বংসী গৰাখহনীয়াই জাহ নিয়ে যদিও ইয়াৰ পূৰ্বেই অঞ্চলটোৰ বহুলোকে নিজা বাসগৃহ ভাঙি নিৰাপদ ঠাইলৈ ঢাপলি মেলিছে।খহনীয়াৰ বিভীষিকাৰ ভয়তেই আৰু সম্ভাব্য বিপদৰ উমান পায়েই প্ৰায় শতাধিক পৰিয়ালে অশেষ ত্যাগ আৰু কষ্টৰে নিৰ্মাণ কৰা ঘৰখন ভাঙি, ঘৰৰ সা-সামগ্ৰী লৈ বিমৰ্ষ মনেৰে নিৰাপদ স্থানলৈ যোৱা পৰিলক্ষিত হয়।খহনীয়াত সৰ্বস্বান্ত এইসকল লোকে নিজৰ এই দুৰ্দশাৰ বাবে বলিয়া লুইতক দোষ দিব নিবিচাৰে।তেওঁলোকৰ এই দুৰ্দশাৰ বাবে চৰকাৰ, জলসম্পদ বিভাগ,স্থানীয় বিধায়ক, সাংসদকহে দোষাৰোপ কৰিছে।খহনীয়া আক্ৰান্তই কেৱল নিজৰ ভেটিটোৱেই নহয়,খেতিপথাৰো হেৰুৱাব লগীয়া হৈছে।এতিয়া এইসকল লোক ঠিকনাবিহীন হৈ পৰিছে। লুইতৰ প্ৰতিৰোধবিহীন গৰাখহনীয়াত বৰঘূলিৰ বান্ধটোৰ প্ৰায় দুশ মিটাৰ অংশ জাহ জোৱাত এতিয়াহে গা লৰিছে জলসম্পদ বিভাগৰ।


আজি পুৱাই স্থানীয় বিধায়ক তথা ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বৰঘুলি অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।পিছত তেওঁ সাংবাদিকৰ আগত কয় যে বান্ধটো ছিগাৰ পূৰ্বেই ৫০-৬০ঘৰ লোকে ঘৰ-দুৱাৰ ভাগি তাৰ পৰা আঁতৰি গৈছে। এতিয়া জলস্তৰ কমি আছে। বৰ্তমানেও বৰঘূলিত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চলি থকাৰ কথা ব্যক্ত কৰি মহন্তই আৰু কয় যে ৰাইজে যদি সন্মতি দিয়ে তেওঁলোকৰ ঘৰৰ পিছফালেই তৎকালীনভাৱে আৰু এটা বান্ধ নিৰ্মাণ কৰা হ'ব। ইয়াৰ বাবে ৰাইজে মাটি এৰি দিব লাগিব।কিন্তু এই বান্ধটোও অস্থায়ী হ'ব বুলি মন্তব্য কৰি মন্ত্ৰী মহন্তই কয় যে আহিব লগা বানে যাতে আৰু অধিক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব।


স্মৰ্তব্য যে, কলিয়াবৰৰ বৰঘূলিত এই বান্ধটো বিগত ২০০৯-১০১০চনত কৃষি বান্ধ হিচাপে নিৰ্মাণ কৰা হৈছিল।পৰৱৰ্তী সময়ত ইয়াৰ দায়িত্ব লয় নগাঁও জলসম্পদ বিভাগে। এই ৰিং বান্ধটো ২০১৬ চনতো ভাগিছিল যদিও সেই বছৰতে মেৰামতি কৰা হয়।পুনৰ ২০১৮ বৰ্ষটো বান্ধটোৰ মেৰামতি কৰা হৈছিল।কিন্তু এই বান্ধটো ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰা স্বত্বেও নগাঁও জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো দীৰ্ঘম্যাদী ব্যৱস্থা হাতত লোৱা নাছিল।ফলত, এইবাৰৰ বানৰ পিছতে আৰম্ভ হোৱা গড়াখহনীয়াই বান্ধটোৰ প্ৰায় দুশ মিটাৰ অংশ খহাই নিয়ে।

Your Comments