নগাঁৱত ৩৫ লাখ টকা জব্দ : চাৰিজনক আটক

nagaon_rupees

নিৰ্বাচনৰ বাবে নিয়োজিত ফ্লায়িং স্কোৱাৰ্ড আৰু বটদ্ৰৱা বিধানসভাৰ বাবে নিয়োজিত এছএছটিয়ে আজি নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ আৰক্ষীৰ সহযোগত ৩৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও-মৰিগাঁও সংযোগী পথৰ জাজৰি থানাৰ অন্তৰ্গত কুৰুৱাবাহীত এই দলকেইটাই চলোৱা নিয়মীয়া অভিযানৰ সময়ত সন্দেহবশতঃ এএছ-০২-ইউ-৮৯৫৭ টাটা টিয়াগো গাড়ীখনত তালাচী চলায়।

তালাচীৰ সময়ত অভিযানকাৰী দলে এটা বেগত ভৰাই নিয়া ৩৫লাখ টকা জব্দ কৰাৰ লগতে গাড়ীখনত যোৱা চাৰিজন লোকক আটক কৰি জাজৰি আৰক্ষীক চমজাই দিয়ে। দলটোৱে আটক কৰা লোক কেইজন হৈছে চিত্ৰৰঞ্জন ডেকা, মনোৰঞ্জন দাস, প্ৰদীপ ৰমণী আৰু মনোজ ডেকা। অভিযানকাৰী দলটোৰ জেৰাত লোক কেইজনে ধনখিনি বন্ধন বেংকৰ নগাঁও শাখাৰ পৰা জাজৰি শাখালৈ নিয়াৰ কথা প্ৰকাশ কৰে। কিন্তু তেওঁলোকৰ বন্ধন বেংকৰ কোনো ধৰণৰ পৰিচয় পত্ৰ নথকাৰ উপৰিও কোনো নিৰাপত্তাৰক্ষীক লগত নিয়া নাছিল।

অভিযানকাৰী দলটোৱে জনোৱা মতে, বেংকৰ কৰ্মচাৰীসকলে অভিযানকাৰী দলক দিয়া বেংকৰ লেনদেনৰ দুই লাখ টকাৰহে তথ্য দিব পাৰিছে। ইয়াতকৈ সন্দেহ ওপজাত অভিযানকাৰী দলটোৱে ধনৰাশি জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে। অভিযানটোৰ নেতৃত্ব দিছিল এছএছটিৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিষয়া ভৃগু কুমাৰ বৰা আৰু দিগন্ত ভৰাই।

Your Comments