বিজেপিয়ে নিলজ্জভাৱে এআইইউডিএফৰ সৈতে মিলি জিলা পৰিষদ গঠন কৰিছিল : ৰকিবুল হুছেইন

লেুেদল

কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মাজত নিৰ্বাচনী মিত্ৰতাৰ প্ৰসঙ্গক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আজি নগাঁৱত এক সংবাদ মেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। আজি পুৱা নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, "কোনোবাই ভাবিব পাৰে, অভিযোগ আনিব পাৰে।

আমি কংগ্ৰেছ দলে কোনো ধৰণৰ সাম্প্ৰদায়িক দলৰ সৈতে কেতিয়াও, ভুলক্ৰমেও মিত্ৰতা নকৰো।" এআইইউডিএফ দলে মাত্ৰ তিনিটা সংসদীয় সমষ্টিতহে প্ৰাৰ্থী ঠিয় কৰাই কংগ্ৰেছক সুবিধা ল'বলৈ কোৱাটোৱে কি সূচায় বুলি সাংবাদিকে প্ৰশ্ন কৰাত বৰাই কয়, "এআইইউডিএফ দলে যদি কৰবাত প্ৰাৰ্থী বিচাৰি নাপায়, প্ৰাৰ্থী ঠিয় কৰাবলৈ অসমৰ্থ হয় তাৰ বাবে আমি কি কৰিম?" এআইইউডিএফৰ অস্তিত্বকে নসাৎ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই আৰু কয়, "এআইইউডিএফটো নায়েই। দলটোৰ কোনো অস্তিত্বয়েই নাই।

অসমৰ সংখ্যালঘু ৰাইজে এতিয়া বুজি পোৱা হৈছে। বদৰুদ্দিন আজমলে অসমৰ সংখ্যালঘু ৰাইজক ঢাল হিচাপে ব্যৱহাৰ কৰি আহিছে। আনকি এআইইউডিএফ দলটোক নিজৰ ব্যৱসায়িক সাম্ৰাজ্য অক্ষুণ্ণ ৰাখিবলৈ আজমলে ব্যৱহাৰ কৰি আহিছে। এআইইউডিএফ দলে ক'ত প্ৰাৰ্থী দিছে ক'ত দিয়া নাই, সেইয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। আমি এটা কথা জানো যে, অসমৰ মুছলমান ৰাইজে বদৰুদ্দিন আজমলক শত্ৰু বুলি জ্ঞান কৰে।

"বৰাই এআইইউডিএফ দলৰ সৈতে বিজেপি দলৰহে গোপন মিত্ৰতা থকা বুলি অভিযোগ উত্থাপন কৰি আৰু কয়, "২০১৬ৰ নিৰ্বাচনত সংখ্যালঘু ৰাইজে বুজি পালে যে, বিজেপি আহি সংখ্যালঘু ৰাইজৰ যি নাজল নাথল অৱস্থাৰ সৃষ্টি কৰিলে ইয়াৰ মূলতে হৈছে বদৰুদ্দিন আজমল। আজমলৰ সৈতে থকা বিজেপিৰ বুজা বুজিৰ বাবে এনে হৈছে। "অগপ-বিজেপিৰ নিৰ্বাচনী মিত্ৰতাই কংগ্ৰেছ দলক কোনো ক্ষতি নকৰে বুলি দাবী কৰি বৰাই কয়, "আমি কংগ্ৰেছ দলে অসমত অতি কমেও আঠৰ পৰা ১০খন আসন লাভ কৰিম।"

এইবাৰৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ মূল নিৰ্বাচনী ইচ্যু "নুন্যতম আয় নিশ্চিতকৰণ আঁচনি" বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, "ৰাহুল গান্ধীয়ে ইতিমধ্যে ঘোষণা কৰা ন্যূনতম আয় নিশ্চিতকৰণ আঁচনিখন কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত সন্নিবিষ্ট কৰা হৈছে। কংগ্ৰেছ দল আহিলে এই আঁচনিখন কাৰ্যকৰীকৰণ কৰা হ'ব। ইয়াৰ ফলত দেশৰ ৫ কোটি পৰিয়ালৰ ২৫ কোটি লোক উপকৃত হ'ব।

কংগ্ৰেছ দল নৰেন্দ্ৰ মোডীৰ দৰে, বিজেপি দলৰ দৰে মিছা প্ৰতিশ্ৰুতি দিয়া দল নহয়। আমি গাইপতি ১৫ লাখকৈ টকা দিম বুলি, বছৰি দুই কোটি চাকৰি দিম বুলি অসম্ভৱ প্ৰতিশ্ৰুতি নিদিও। তেনেকুৱা প্ৰতিশ্ৰুতি আমি কেতিয়াও দিয়া নাই আৰু নিদিও। আমি এম জি এনৰেগা আইন প্ৰৱৰ্তন কৰোতেও কিছুমানে কৈছিল এইটো অসম্ভৱ বুলি। দুটকীয়া চাউল দিয়াৰ সময়তো নিৰ্বাচনী টোপ বুলি উপহাস কৰিছিল। কিন্তু কংগ্ৰেছে কথা কৈ কৰি দেখুৱাইছে। আমি যিটো কও তাক কাৰ্যকৰীকৰণ কৰি দেখুৱাও। "

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰক কটু সমালোচনা কৰি বৰাই কয়," মোদী চৰকাৰৰ আমোলত কৃষি ঋণ পৰিশোধ কৰিব নোৱাৰি কৃষকে আত্মহত্যা কৰিছিল। ২০১৪ চনত মোডীয়ে কৈছিল বিজেপিয়ে চৰকাৰ গঠন কৰিলে কৃষকৰ ঋণ মাফ কৰিব। কিন্তু প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে। কিন্তু কংগ্ৰেছে তিনিখন ৰাজ্যৰ উপ-নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল ক্ষমতালৈ আহিলে ১০ দিনৰ ভিতৰত কৃষকৰ কৃষি ঋণ মাফ কৰি দিব।

কথা মতেই কাম কৰিলে কংগ্ৰেছ দলে।" সংবাদমেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিজেপিৰ লগত এআইইউডিএফৰ গোপন মিত্ৰতা থকা বুলি মন্তব্য কৰি কয়, "নগাঁও জিলা পৰিষদ গঠনৰ সময়ত বিজেপি দলে নিলজ্জভাৱে এআইইউডিএফৰ সমৰ্থন লৈছিল। এঘাৰজন বিজেপিৰ প্ৰতিনিধিয়ে শপত গ্ৰহণৰ পাছত কেনেকৈ ১৪টা ভোট পালে? তেতিয়া এআইইউডিএফৰ তিনিজন সদস্যই বিজেপিক ভোট দিছিল।

"হুছেইনে আৰু কয়, "কংগ্ৰেছৰ এআইইউডিএফ দলৰ সৈতে প্ৰত্যক্ষভাৱেই হওক পৰোক্ষভাৱে হওক কোনো সম্পৰ্ক নাই। "আমাৰ জনৰহে এআইইউডিএফৰ লগত সম্পৰ্ক আছে বুলি কৈ হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। সংবাদমেলত প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই কয়, "নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছৰ বিজয় নিশ্চিত। আমি ডেৰ লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ম।"

সংবাদমেলত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়, "মই দুৰ্বল ৰাইজৰ, যুৱ প্ৰজন্মৰ কন্ঠস্বৰ হ'ব বিচাৰো। "সংবাদমেলত প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাও উপস্থিত আছিল৷

Your Comments