শপতনামাত উল্লেখ:সাংসদ গৌৰৱ গগৈৰ নাই  ঘৰ-মাটি

gaurav

কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নগাঁৱৰ ৰিটাৰ্ণিং বিষয়াৰ হাতত দাখিল কৰা মনোনয়নপত্ৰৰ লগত সংলগ্ন শপতনামাত উল্লেখ কৰা অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ-পুত্ৰ গৌৰৱ গগৈৰ সকলো অস্থাৱৰ সম্পত্তি হ'ল ৩৮ লাখ ১১ হাজাৰ ৬৪১ টকা। আচৰিত যেন লাগিলেও গৌৰৱ গগৈৰ নাই কোনো স্থাৱৰ সা-সম্পত্তি। তেওঁৰ নাই নিজা ঘৰ, নাই কোনো মাটি-বাৰী। গৌৰৱ গগৈয়ে নিজা শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি, তেওঁৰ হাতে জমা ধনৰ পৰিমাণ ১,৯৪,৫০০টকা। এইচএফডিচি বেংকৰ কালাকাজি নতুন দিল্লী শাখাত তেওঁৰ ৭০,৬৬১টকা, এছবিআই লোকসভা, নতুন দিল্লীত ১,২৬,২৯৫ টকা, এইচ এফডিচি,খান মাৰ্কেট নতুন দিল্লীত ১৩,৫০,৬৪৬ টকা, একেটা বেংকৰে আৰডিৰ দুটা একাউন্টত মুঠ ১২,৩১,২২৯ টকা জমা আছে। গৌৰৱ গগৈৰ ২০১৪ মডেলৰ এখন চুইফট ডিজায়াৰ গাড়ী আছে। তেওঁৰ পিতৃৰ ওচৰত ধাৰ আছে ১২,৫০,০০০টকা। গৌৰৱ গগৈৰ নাই এপদো সোণ-ৰূপৰ আ-অলংকাৰ। আনহাতে, গৌৰৱ গগৈৰ সা-সম্পত্তিৰ বিপৰীতে তেওঁৰ পত্নী এজিলাবেথ গগৈৰ অস্হাৱৰ সম্পত্তিৰ পৰিমাণ ৯৫ লাখ ৬১ হাজাৰ ৮৮১টকা। তেওঁৰ হাতে জমা ধনৰ পৰিমাণ ১,৫,৪০০টকা। তেওঁৰ আইচিআইচিআই বেংক গ্ৰীণ পাৰ্ক নতুন দিল্লী শাখাত ৫৬,৯৭৩ টকা, ইউকেৰ বেংকত ২,৩,১৫১ টকা, এইচডিএফচি গ্ৰেটাৰ কৈলাশ নতুন দিল্লীৰ শাখাত(আৰ ডি) ১৫,২০,০০০টকা, একেটা বেংকৰে একেটা শাখাত ফিক্সড ডিপোজিট ২৯,৮১,৭৮৯ টকা, চেভিংচত ৩,৮০,৯৭৯টকা, এইচএফডিচি বেংকৰ লাইফ ইঞ্চুৰেঞ্চত ১৫ লাখ টকা জমা আছে। তেওঁৰ এখন বিলাসী হোণ্ডা অমেজ গাড়ী, ১০,৯৪,৯৪৮ টকা মূল্যৰ ৩৩১ গ্ৰাম সোণৰ অলংকাৰ,১,৭৮,৩৭৭টকা মূল্যৰ ৰূপৰ অলংকাৰ,২,৫৭,০০০টকা মূল্যৰ হীৰাৰ অলংকাৰ আছে।তেওঁৰো নাই কোনো স্থাৱৰ সম্পত্তি, নাই ঘৰ, মাটি। ইপিনে গৌৰৱ-এলিজাবেথৰ পুত্ৰ কবীৰৰ নামত এইচএফডিচি বেংকত(খান মাৰ্কেট, নতুন দিল্লী)জমা আছে মুঠ ৩,৫৪,৩৮২ টকা।

Your Comments