নগাঁৱত  হিমন্তৰ বিৰুদ্ধে সোচ্চাৰ ৰকিবুল : 'আমাৰ জনক' কেচিৰে টিকট কাটিলে কিয়?

nagaon

একালৰ ৰাজনৈতিক মিত্ৰ তথা বৰ্তমান তিক্ততা পূৰ্ণ সম্পৰ্ক থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি নগাঁৱত সোচ্চাৰ হৈ পৰিল প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। নগাঁও জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰকাশ নকৰাকৈ "আমাৰ জন" বুলি উল্লেখ কৰি টিপ্পনী দিয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক বতৰ বিজ্ঞানী বুলি অভিহিত কৰি কয়, তেজপুৰত দলৰ টিকট বিচাৰি আবেদন কৰাৰ পাছত তেওঁৰ নামটো কিয় কাটিলে বুলি প্ৰশ্ন তুলি কয়- আমাৰ জনক বিজেপিয়ে কেছি দি কাটিলে । তেওঁ হ'ল এজন ৰাজনৈতিক বতৰ বিজ্ঞানী । তেওঁ এইবাৰ গম পাইছে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব আৰু তাৰ বাবে কংগ্ৰেছৰ লগত কৰা ভিতৰুৱা সম্পৰ্কৰ কথা জানি বিজেপিয়ে এই অৱস্থা কৰিলে ৷

আমিও শুনিবলৈ পাইছো আমাৰ জনে গোপনে গোপনে কংগ্ৰেছ দলৰ এটি মহলৰ সৈতে মিতিৰালি আৰম্ভ কৰিছে। অৱশ্যে তেওঁৰ সেইটো পুৰণি বেমাৰ। যাৰ বাবে এতিয়া বিজেপি দলৰ শীৰ্ষ মহলে চোৱাংচোৱাৰ তথ্যৰ ভিত্তিত "আমাৰ জন"ক এই গতি কৰিলে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰকিবুল হুছেইনে। কংগ্ৰেছ-এআইইউডিএফৰ মাজত নিৰ্বাচনী মিত্ৰতা হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ আৰু কয়- কংগ্ৰেছে কেতিয়াও এআইইউডিএফৰ লগত মিত্ৰতা নকৰে ।

এআইইউডি এফৰ মিত্ৰতা তেওঁৰ সৈতেহে আছে । হুছেইনে 'নিয়মীয়া বাৰ্তা'ৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে এখন কাকতে এই সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰিছে। আনকি তেওঁ কয়, এআইইউডিএফক আমাৰ প্ৰয়োজন নাই । কংগ্ৰেছ অকলেই শক্তিশালী  বুলি মন্তব্য প্ৰকাশ কৰে ।

Your Comments